গোলাঘাট জিলাৰ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাংকৈ কাঠ কাটিবলৈ যোৱা এটা দুস্কৃৰ্তিকাৰী দলৰ আক্ৰমণত আজি আহত হয় এগৰাকী কৰ্তব্যৰত বনকৰ্মী ।
আজি বনাঞ্চলৰ ভিতৰত পহৰাৰ বাবে যোৱা মুহিবুল হুছেইন আৰু জীৱন গগৈ নামৰ বনকৰ্মী দুজনক বনাঞ্চলৰ ভিতৰতে আক্ৰমণ কৰে কাঠৰ চোৰাং বেপাৰ কৰা এটা দলে ৷
গোলাঘাট বন সংমণ্ডলৰ জুৰীয়াদলং খণ্ড বন শিবিৰৰ অধীনস্থ পাহাৰলাইন বন শিবিৰৰ এই দুই বনকৰ্মীক বনাঞ্চলত সংগোপনে গছ কাটিবলৈ যোৱা অচিনাক্ত চোৰাং কাঠৰ বেপাৰীৰ দলটোৱে চোকা অস্ত্ৰেৰে অতৰ্কিত আক্ৰমণ কৰে।
এই আক্ৰমণৰ ফলত জীৱন গগৈ নামৰ বনকৰ্মী জন কথমপি ৰক্ষা পৰে যদিও মুহিবুল হুছেইন নামৰ বনকৰ্মীজন গুৰুতৰভাৱে আহত হয় ৷
মহিবুল হুছেইনৰ হাতত চোকা দাৰে আক্ৰমণ কৰে দলটোৱে ৷
দৈনন্দিনৰ পহৰাত যোৱা বনকৰ্মী কেইজনৰ হাতত ঘটনাৰ সময়ত বন্দুক নাছিল ৷ যাৰ সুযোগ গ্ৰহণ কৰি আক্ৰমণকাৰী দলটো পলায় যাবলৈ সক্ষম হয় ।
ঘটনাৰ পিচত গুৰুতৰভাৱে আহত বনকৰ্মী মুহিবুল হুছেইনক ততাতয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় ৷
সম্প্ৰতি গোলাঘাট অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে আহত মুহিবুল হুছেইন ৷