• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৮ মাৰ্চত দিছপুৰ কঁপাব হেজাৰ হেজাৰ বঞ্চিত গৃহৰক্ষী জোৱানে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 12:04 pm
15
147
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন দাবীৰ সমৰ্থনত অহা আঠ মাৰ্চত ৰাজ্যৰ কেইবা হেজাৰ গৃহৰক্ষী জোৱানে ধৰ্ণা দিব দিছপুৰত। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি অনন্ত দাসে সোমবাৰে গোৱালপাৰাত এই কথা ঘোষণা কৰে।

ৰাজ্যৰ প্ৰশিক্ষণপ্ৰাপ্ত ২৬,৬৬২ গৃহৰক্ষী জোৱানৰ জীৱনক লৈ চৰকাৰে হেতালি খেলা বুলি অভিযোগ কৰি তেওঁ এই ধৰ্ণা কাৰ্যসূচীৰ কথা ঘোষণা কৰে।

সোমবাৰে গোৱালপাৰা জিলা গৃহৰক্ষী সন্থাৰ উদ্যোগত গোৱালপাৰা চহৰৰ গান্ধী ভৱনত অনুষ্ঠিত অষ্টম বাৰ্ষিক জিলা সন্মিলনীৰ সাধাৰণ সভাত উপস্থিত থাকি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতিজনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

সভাত তেওঁ কয় যে  গৃহৰক্ষীসকলে সন্মুখীন হোৱা জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই অহাৰ পিছতো চৰকাৰে এই বিষয়ত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত অহা ৮ মাৰ্চত দিছপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

এই  প্ৰতিবাদীত কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গৃহৰক্ষী  জোৱানসকলক অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি প্ৰভাত দাসে সভাপতিত্ব কৰে মুকলি সভাখনত। আনহাতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি অনন্ত দাসে আৰু কয় যে সম্প্ৰতি ৰাজ্যখনত থকা ২৬,৬৬২ গৰাকী গৃহৰক্ষী জোৱানৰ ভিতৰত অসমৰ বিভিন্ন জিলাৰ থানাসমূহত ১১,২০০ গৰাকী আৰু অন্যান্য চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৬,৩৩২ গৰাকীয়ে কাম কৰি থকাৰ বিপৰীতে ৯,১৩০ গৰাকী জোৱানে ঘৰতে বহি দিন অতিবাহিত কৰিব লগা হৈছে।

জোৱানসকলে দিনে-নিশাই কাম কৰি থাকে যদিও মাত্ৰ ৭৫০০ টকাহে দৰমহা পায় ক্ষোভ উজাৰে।

আনহাতে স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়্যলয়ে দিয়া ৰায়দানো আজিলৈকে  কাৰ্যকৰী কৰা নাই বুলি অভিযোগ উত্থাপন কৰি দাসে চৰকাৰক সকীয়াই দি কয় যে গৃহৰক্ষীসকলৰ জীৱনক লৈ হেতালি খেলা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

সভাখনত লগতে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ উপৰি গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদক আব্দুল হাকিম, গৃহৰক্ষী সন্থাৰ ৰাজ্যিক মুখ্য পৃষ্ঠপোষক বাবুল হুছেইন, সম্পাদক কামাখ্যা দাস, কাৰ্যকৰী সভাপতি ছুদু আলী, ৰাজ্যিক উপ-সভাপতি দীনেশ দাস, নলবাৰী জিলা সমিতিৰ সভাপতি ৰেজ্জাক আলী, বৰপেটা জিলা সমিতিৰ সভাপতি অচ্যুত পাঠক, ধুবুৰী জিলা সমিতিৰ সভাপতি মিজানুৰ ৰহমান আৰু জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰছিদুল হুছেইনও ভাষণ আগবঢ়ায়।

Recent News

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd