কোভিড ১৯ গন সংক্ৰমণৰ আশংকাই সম্প্ৰতি গোৱালপাৰাবাসীক আতংকিত কৰি ৰাখিছে৷
শেহতীয়াকৈ জিলাখনৰ টুকুৰাৰ সুত্ৰধৰ পৰাৰ এটা পলিয়ালক জিলা প্ৰশাসনে হোম কোৱাৰেইন্টাইন কৰা পিছতো পৰিয়ালটোৰ লোকে মুক্ত ভাৱে বিচৰণ কৰি থকাৰ লগতে পৰিয়ালটোৰ দুজন সদস্য চলাই গৈছে হোটেলৰ ব্যৱসায়৷
এনে ঘটনাই শংকিত কৰি তুলিছে অঞ্চলবাসীক৷ জানিব পৰা মতে গুৱাহাটীৰ ধীৰেন পৰাত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কামকৰা জেৰিনা নাৰ্জাৰী নামৰ যুৱতী এগৰাকীয়ে গুৱাহাটীত স্বাৱ পৰীক্ষা কৰিবলৈ দি গোৱালপাৰাৰ টুকুৰ এটা ঘৰত আশ্ৰয় লৈছিল৷
পৰৰ্ৱতী সময়ত যুৱতী গৰাকী কোভিড ১৯ আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰি বিচাৰ খচাৰ কৰি আগিয়া আৰক্ষীৰ সহযোগত সোমবাৰে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷
ইফালে কোভিড ১৯ ত আক্ৰান্ত যুৱতী গৰাকী উক্ত পৰিয়ালটোত তিনি দিন অতিবাহিত কৰাৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলা প্ৰশাসনে পৰিয়ালটোক হোম কোৱাৰেইন্টাইন কৰাৰ নিৰ্দেশ দিয়ে৷
স্থানীয় ৰাইজে অভিযোগ কৰা মতে কোভিড১৯ আক্ৰান্ত যুৱতী গৰাকী আশ্ৰয় লোৱা ৰামকৃষ্ণ মণ্ডলৰ দেউতাকৰ সেই সময়তে মৃত্যু হোৱাত পৰিয়ালটোৰ সংস্পৰ্শ আহিছিল গাঁৱখনৰ বহু লোক ইমান পিছতো প্ৰশাসনে মাত্ৰ ৰামকৃষ্ণ মণ্ডলৰ পৰিয়ালৰ স্বাৱ পৰীক্ষাৰ বাবে লৈ যায় আৰু পৰিয়ালটোক কোৱাৰেইন্টাইন কৰি দায়িত্বত সামৰে৷
স্থানীয় ৰাইজৰ অভিযোগ গাৱঁখনৰ অধিকাংশই কোভিড১৯ ৰ আক্ৰান্ত লোকৰ সংস্পৰ্শ অহাৰ পিছতো গাঁৱখন কন্টেইমেন জ’ন হিচাৱে ঘোষণা নকৰিলে৷
এই হোম কোৱাৰেন্টতাইন থকা পৰিয়ালটোৰ লগতে গাঁৱৰ সকলোৱে কৰি আছে মুক্ত বিচৰণ৷
আটাইটকৈ ভয়ংকৰ কথাটো হ’ল ৰামকৃষ্ণ মণ্ডলৰ দুজন সদস্যই এতিয়াও কৃষ্ণাই বজাৰত হোটেলৰ ব্যৱসায় কৰি আছে৷
গোৱালপাৰা জিলা প্ৰশাসনে সময়মতে বিহিত ব্যবস্থা গ্ৰহণ নকৰিলে গোৱালপাৰাতো আৰম্ভ হ’ব পাৰে কোভিড১৯ৰ গন সংক্ৰমণ ৷