• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICMR য়ে ১৫ আগষ্টৰ ভিতৰত ক’ভিড১৯ ৰ ভেকচিন নিৰ্মাণ ঘোষণা : ৰাজনীতিৰ গোন্ধ পাইছে দেৱব্ৰত শইকীয়াই

চৰকাৰখনে মাত্ৰ প্ৰচাৰৰ বাবে অতি কম সময়ৰ ভিতৰতে ক'ভিড১৯ৰ প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ ICMRক হেঁচা প্ৰয়োগ কৰিছে, শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2020 8:41 pm
index.jpg222
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ICMR য়ে ১৫ আগষ্টৰ ভিতৰত কোভিড১৯ ৰ ভেকচিন নিৰ্মাণ কৰিব বুলি কৰা ঘোষণাত শাসকীয় দলৰ ৰাজনীতিৰ গোন্ধ পালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

“শাসকীয় পক্ষৰ হেঁচাতেই ICMRৰ নিচিনা স্বতন্ত্ৰ সংস্থাটোৱে কোভিড১৯ৰ ভেকচিন ভৰুকাত হাতী ভৰোৱাৰ নিচিনাকৈ ততাতৈয়াকৈ তৈয়াৰ কৰিম বুলি ঘোষণা কৰা যেন মোৰ অনুভৱ হৈছে।” নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিওত এইদৰে কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

Apply Now

এনেকুৱা এটা স্বতন্ত্ৰ সংস্থাই শাসকীয় পক্ষৰ হেঁচাত এনে কাম কৰিব ওলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে শইকীয়াই।

“যোৱা মে’ মাহত ভাৰত বাইঅ’টেক্ নামৰ এটা কোম্পানীয়ে ক’ভিড১৯ ৰ ওপৰত এটা ভেকচিন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু এই ভেকচিন প্ৰস্তুত কৰণৰ কাম যাতে অধিক ক্ষিপ্ৰ হয় তাৰবাবে নিৰ্দেশাৱলী জাৰি কৰিছিল। ক’ভিড১৯ৰ দৰে বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা এটা মহামাৰীৰ ভেকচিন ইমান খৰখেদাকৈ নিৰ্মাণ কৰা প্ৰক্ৰিয়াটো অস্বাভাৱিক হ’ব।” শইকীয়াই আৰু কয়।

ইতিপূৰ্বে ও মানৱ জাতিৰ ওপৰত আতংকৰ সৃষ্টি কৰা প’লিঅ’, সৰু আই, ৰুবেলা আদি বিভিন্ন মহামাৰীৰ প্ৰতিষেধক বহু বছৰ ধৰি বৈজ্ঞানিক সকলে কৰা গৱেষণাৰ অন্তত প্ৰাস্তত হৈছিল আৰু বজাৰত মুকলি হৈছিল বুলি তেওঁ সদৰী কৰে।

তেওঁ লগতে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰত কোভিড১৯ ৰ বাবে বনোৱা টাস্ক ফ’ৰ্চৰ মুৰব্বী জনেও ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে, কোভিড১৯ৰ প্ৰতিষেধক নিৰ্মাণ হওঁতে ১ৰ পৰা ২ বছৰ সময় লাগিব। ইয়াৰ উপৰিও মহামাৰীৰ বিশেষজ্ঞ সকলেও জনাইছে যে, ইয়াৰ প্ৰতিষেধক নিৰ্মাণ হওঁতে ২ৰপৰা ৫বছৰ সময় লাগিব।”

ICMRৰ প্ৰাক্তন সঞ্চালক N.K গাঙ্গুলীয়েও ভাৰতত কোভিড১৯ৰ প্ৰতিষেধক নিৰ্মাণ কৰিবলৈ অতিকমেও ১৮ মাহ সময় লাগিব বুলি কৈছিল বুলি শইকীয়াই দাবী কৰে।

“কাৰণ এটা ভেকচিন প্ৰস্তুত কৰোতে বহুত পৰ্যায়ৰ পৰীক্ষণৰ দৰকাৰ হয় আৰু প্ৰতিটো পৰ্যায়ত সফল পৰীক্ষণৰ পিছতহে এটা মহামাৰীৰ প্ৰতিষেধক বজাৰত মুকলি কৰা হয়।” শইকীয়াই কয়।

গতিকে এই সকলোবোৰ জৰুৰী পৰীক্ষণ তথা গৱেষণাক আওকাণ কৰি চৰকাৰখনে মাত্ৰ প্ৰচাৰৰ বাবে অতি কম সময়ৰ ভিতৰতেই কোভিড১৯ৰ প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ ICMRক হেঁচা প্ৰয়োগ কৰিছে বুলি গুৰুতৰ অভিযোগ তোলে।

খুব সম্ভৱ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ১৫ আগষ্টত দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত এই প্ৰতিষেধক উন্মোচন কৰিব তাৰেই যোজা চলাইছে বুলি সন্দেহ কৰি শইকীয়াই লগতে কয়, “এই চৰকাৰ খনে জনতাৰ স্বাস্থ্যক আওকাণ কৰি নিজৰ প্ৰচাৰৰ বাবেই এই প্ৰতিষেধক নিৰ্মাণত খৰখেদা কৰিছে যেন মোৰ অনুভৱ হৈছে।”

চৰকাৰক অনুৰোধ জনাই শইকীয়াই কয়, “ICMRক ততাতৈয়াকৈ ক’ভিড১৯ৰ ভেকচিন বনাবলৈ দিয়া নিৰ্দেশনা পুনৰ এবাৰ বিবেচনা কৰে আৰু এই ভেকচিনৰ ক্ৰিয়া, পাৰ্শ্বক্ৰিয়া সকলো পৰীক্ষা কৰিহে যেন জনতাৰ বাবে বজাৰত মুকলি কৰি দিয়ে।”

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd