• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মধ্যবিত্ত শ্ৰেণীৰ মানুহে কোৱাৰেন্টাইনত থাকিলে খাদ্য বিচাৰিব নালাগে’ : মন্ত্ৰী হিমন্তৰ উদ্ভট যুক্তি

জাপানীজ এনক্লেফেলাইটিছ ৰোগীক কোৱাৰেন্টাইনত খাদ্য যোগান ধৰা হয় নেকি? হিমন্তৰ অদ্ভুত যুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2020 1:59 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি নৰ্থ ইষ্ট নাওত আমি হোম কোৱাৰেন্টাইনত থকাৰ সময়ত প্রশাসন কিম্বা স্বাস্থ্য বিভাগৰ লোকে খাদ্য বস্তুৰ যোগান নধৰাক কেন্দ্ৰ কৰি কিছু মনৰ ভাৱ প্ৰকাশ কৰিছিলো।

বাতৰি প্ৰকাশ কৰাৰ পাছতে বহুজনে মোক খাদ্য সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়ালে।

Apply Now

স্বাস্থ্য বিভাগ কিম্বা কামৰূপ মহানগৰ জিলা প্ৰশাসনে আমাক খাদ্যৰ যোগান নধৰিলে তাত কোনো আক্ষেপ নাই।

কিন্তু আজি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমাক লৈ কৰা এটা মন্তব্যই আমি স্বাস্থ্য বিভাগলৈ আহ্বান জনাবলৈ বাধ্য কৰাইছে “মই মধ্যবিত্ত শ্ৰেণীৰ; স্বাস্থ্য বিভাগে খাদ্য নিদিয়ে; মোক বজাৰ কৰিবলৈ যাবলৈ অনুমতি দিয়ক।”

কিয়নো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ কালি আমি কৰা বাতৰিৰ প্ৰসংগ উত্থাপন কৰি কয় কয়, “কালি এজন সাংবাদিকে লিখিছে মই এজন সাংবাদিকে কৈছো কোভিডত মই মুকলি হৈছো মই ঘৰত আছো মোক খাদ্য দিয়া নাই। চিকিৎসককেইজনে বিনামূলীয়া চিকিৎসা কৰিলে, ইমান খাদ্য দিলে তাৰ পাছত আকৌ খাদ্য খুজিব? দুখীয়া মানুহে খাদ্য সামগ্ৰী বিচৰাটো বেলেগ কথা। মধ্যবিত্ত মানুহে যদি চৰকাৰৰ পৰা খাদ্য বিচাৰে তেন্তে চৰকাৰ কেনেকৈ চলিব? অৱশ্যে চৰকাৰৰ টকা নহয়, ৰাইজৰ টকা।”

 

স্বাস্থ্য মন্ত্ৰী মহোদয়, হয়, আমি মধ্যবিত্ত পৰিয়ালৰ, আমাৰ ধন আছে, আমি দোকানলৈ গৈ নিজে কিনি খাম। যদিহে হোম কোৱাৰেন্টাইনত থাকিলে মধ্যবিত্ত পৰিয়ালক খাদ্য যোগান ধৰিব নোৱাৰে তেন্তে আমি কণ্টেইনমেণ্ট জ’নৰ পৰা ওলাই যাওঁ, আপোনালোকে অনুমতি দিয়ক।

মন্ত্ৰী মহোদয় আপুনি আজি নিজেই স্ব-বিৰোধী মন্তব্য কৰিলে। কিছুদিন পূৰ্বে আপুনি নিজে সংবাদমেল সম্বোধন কৰি হাত জোৰ কৰি কোভিড পজিটিভ ৰোগীক আৰোগ্য হোৱাৰ পিছত বা কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনাইছিল।

আপুনিয়ে জানো হাতত হোম কোৱাৰেন্টাইনৰ ষ্টাম্প থকা লোকক বাহিৰত ঘূৰি ফুৰিলে জবাবদিহি কৰিবলৈ ৰাইজক আহ্বান জনোৱা নাছিল। লগতে আইনী ব্যৱস্থা ল’বলৈ আৰক্ষীক আহ্বান জনাইছিল।

এতিয়া আপোনাৰ আহ্বান উপেক্ষা কৰি আমাক হাতত ষ্টাম্পটো লৈ বাহিৰত খাদ্য সামগ্ৰী বজাৰ কৰিবলৈ আপুনি অনুমতি দিব নে?

গতিকে, এতিয়া যদি আপোনাৰ আহ্বানৰ প্ৰতিয়ে সঁহাৰি জনাই ৰাইজে মোক জবাবদিহি কৰে তেন্তে ইয়াৰ উত্তৰ আপুনি দিব নে?

মন্ত্ৰী মহোদয়, আপুনি কোভিড আৰু কোৱাৰেন্টাইন ব্যৱস্থাৰ তুলনা কৰিলে জাপানীজ এনক্লেফেলাইটিছৰ লগত।

আপুনি ক’লে “জাপানীজ এনক্লেফেলাইটিছ হোৱা মানুহটোৱে সাতদিনৰ বাবে ঘৰত খোৱা নাপায়। কোভিড ৰোগীয়ে কিয় পাব? আইন সকলোৰে বাবে সমান হ’ব লাগিব।”

মন্ত্ৰী মহোদয় জাপানীজ এনক্লেফেলাইটিছ মহে কামুৰিলে হয়, ই সংক্ৰামক ৰোগ নহয়। জাপানীজ এনক্লেফেলাইটিছ ৰোগীৰ ঘৰত বা থকা অঞ্চলত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হয় নে? তেনে ৰোগীৰ ঘৰৰ লোকক বাউণ্ডেৰী ভিতৰৰ পৰা ওলাই যোৱাত নিষেধাজ্ঞা দিয়া হয় নে?

ইফালে আপোনাৰ স্বাস্থ্য বিভাগৰ জাননীত হোম-কোৱাৰেন্টাইনত থকা অৱস্থাত এটা চাৰিজনীয়া পৰিয়ালৰ বাবে ১৫ কেজি চাউল, দাইল ২ কেজি, মিঠাতেল ২ লিটাৰ, নিমখ ১ কেজি, আলু ৫ কেজি,  পিয়াজ  ২ কেজি, অন্যান্য পাচলিৰ সৈতে গাখীৰ আৰু কণী আদিৰ বাবে ৩০০ টকা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ৩০০ টকা ধাৰ্য কৰা কথা ঘোষণা কৰি এক নিৰ্দেশনা প্ৰকাশ কৰিছিল।

এতিয়া আমাৰ প্ৰশ্ন, হোম-কোৱাৰেন্টাইনত থকা এটা পৰিয়ালৰ বাবে ধাৰ্য কৰা ২০০০ টকাটো আপোনাৰ বিভাগে ক’ত খৰচ কৰিছে সেয়া স্পষ্ট কৰক। নে প্ৰতিটো হোম-কোৱাৰেন্টাইন পৰিয়ালৰ নামত আৱন্টিত এই ধনৰাশি আপোনাৰ বিভাগে শৰাধ কৰিছে?

আজি যিদৰে আপুনি নিজে এই প্ৰসংগ উত্থাপন কৰিলে ঠিক সেইদৰে এই প্ৰশ্নবোৰৰো উত্তৰ দিব বুলি আশা কৰিলো।

Tags: Assam Flood
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd