• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‍গাহৰি পালকক ভাতে মৰাৰ ষড়যন্ত্ৰত নামিছে মন্ত্ৰী অতুল বৰা আৰু অসম চৰকাৰ : ডি ৱাই এফ আই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2020 9:32 am
ফাইল ফটো

ফাইল ফটো

958
VIEWS
Share on FacebookShare on Twitter

অসমত আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত হোৱা আৰু ছোৱাইন ফিভাৰৰ বাবে বিভাগীয়ভাৱে হত্যা কৰা গাহৰিৰ বাবদ গাহৰি পালককসকলক কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই আৰ্থিক সাহায্য দিয়াৰ নামত চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে৷

অকল ইমানেই নহয় মন্ত্ৰী অতুল বৰা আৰু অসম চৰকাৰৰ দুৰ্বল ভুমিকা আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বহীন কাৰ্যৰ বাবে প্ৰায় দহ লাখ গাহৰি পালকৰ পৰিয়ালৰ জীৱনলৈ চৰম প্ৰত্যাহ্বান নমাই আনিছে৷

কৃষি মন্ত্ৰী তথা অসম চৰকাৰৰ এই প্ৰৱঞ্চনাক ধিক্কাৰ জনাই ডি ৱাই এফ আয়ে ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক শীঘ্ৰে আৰ্থিক সাহায্য দিয়াৰ লগতে বহিঃ ৰাজ্যৰ পৰা গাহৰি আমদানি কৰি থলুৱা কৃষকৰ জীৱিকা ধ্বংস নকৰিবলৈ আহ্বান জনাইছে৷

শেহতীয়াভাৱে পশুপালন আৰু দুগ্ধ বিভাগৰ (Ministry of Animal Husbandry And dairying) হৈ যুটীয়া সচিব উপমান্য বসুই প্ৰেৰণ কৰা এক নিৰ্দেশত কোৱা হৈছে যে অসম আৰু উত্তৰ-পূবলৈ পঞ্জাব আৰু হাৰিয়ানাৰ গাহৰি প্ৰেৰণ কৰিব৷

ইয়াৰ ফলত গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰায় দহ লাখ পৰিয়াললৈ প্ৰত্যাহ্বান নামি অহাটো নিশ্চিত হৈ পৰিছে৷

উল্লেখনীয় যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে অসমত প্ৰায় এক লাখ গাহৰি নিশেষ হৈছে৷ পৰম্পৰাগতভাৱে জনজাতীয় লোকসকলৰ লগতে বহু শিক্ষিত নিবনুৱাই গাহৰি পালনক জীৱিকা হিচাপে গ্ৰহণ কৰিছে৷

এনে অৱস্থাত আফ্ৰিকান ছোৱাইন ফিভাৰ দৰে মহামাৰিৰ সময়ত পালকসকলক সহায় নকৰা আৰু বহিঃৰাজ্যৰ পৰা গহৰি আমদানি কৰা চৰকাৰী ব্যৱস্থাই এক বিশাল অংশৰ লোকক বিপদৰ মাজলৈ ঠেলি দিব৷

লোকেল আৰু ভ’কেলৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ এই কাৰ্যৰ মাজেৰে নিজৰেই আচল স্বৰূপ উদঙাই দেখুৱাইছে৷ কৰ্মসংস্থান সৃষ্টি কৰিম বুলি বৃহৎ বৃহৎ ঘোষণাৰে চমক দিয়া বিজেপি চৰকাৰখনে ইতিমধ্যে সংস্থাপিত হৈ থকা প্ৰায় দহ লাখ গাহৰি পালকক কৰা প্ৰতাৰণা আৰু তেওঁলোকৰ জীৱিকা ধ্বংস কৰিব ওলোৱা কাৰ্যই কৰ্মসংস্থান সৃষ্টিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাস্তৱ ছবিখনকে ফুটাই তুলিছে৷

ডি ৱাই এফ আয়ে বিজেপি চৰকাৰৰ এই প্ৰৱঞ্চনা শীঘ্ৰে বন্ধ কৰি বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd