বিশ্বৰ লগতে অসমতো চলিছে কাল ক’ৰ’ণাৰ সংহাৰ।
ক’ৰ’ণাৰ বিৰুদ্ধে ঘোষিত যুদ্ধখনত আগভাগ লৈছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী হিচাবে এয়া তেওঁৰ দায়িত্ব, সেয়া তেওঁ কৰিছে। ভাল কথা।কিন্তু মন্ত্ৰী গৰাকীয়ে কৰি অহা কেতবোৰ কৰ্মকাণ্ডই সচেতন মহলক ভৱাই তুলিছে।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কোভিড সংক্ৰমণৰ তথ্য ৰাইজক জনাই আহিছে।এয়াও তেওঁৰ দায়িত্ব বুলিয়েই ধৰি লব পাৰি।কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাস্থ্য মন্ত্ৰী হে, তেওঁ কোনো স্বাস্থ্য বিশেষজ্ঞ নহয়।
সেয়ে তেওঁ ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত কৰি অহা মন্তব্য সমূহ কিমান সঠিক আৰু বিশ্বাসযোগ্য সেই বিষয়ত আনতো নালাগে তেওঁৰ নিজৰেই হয়তো সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি বহুতৰে মনত এনে ভাৱৰ বুৰবুৰণি উঠিছে যে অসমত হয়তো ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু অন্যান্য বিষয়ত কব পৰা চিকিৎসক অথবা স্বাস্থ্য বিজ্ঞানী এজনো নাই।
কোনো চিকিৎসকে যদি মৰসাহ কৰি ভাইৰাছ বিধৰ বিষয়ে কিবা কয়ো তেন্তে হিমন্তই ‘তেওঁ কোন চিকিৎসক মই চিনিয়েই নাপাও’ জাতীয় মন্তৱ্যৰে বিষয়টোৰ আলোচনাৰ মুদাই মাৰি থৈছে।
স্বাস্থ্য বিশেষজ্ঞ নোহোৱাকৈয়ে ক’ৰ’ণা মহামাৰীৰ সঁচাই–মিছাই তথ্য দি সাধাৰণ জনতাক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভ্ৰান্ত আৰু শংকিত কৰি তোলা নাই নে?
মন্ত্ৰীয়ে কৰি থকা কাম ফেৰা কোনো চিকিৎসা বিজ্ঞানী অথবা চিকিৎসকে কৰিলে সংক্ৰমণৰ প্ৰকৃত ছবি খন বুজাত ৰাইজৰ সহায় হ’ল হেঁতেন আৰু ভ্ৰান্তি তথা শংকাৰ পৰাও ৰাইজ মুক্ত হ’লহেঁতেন।
হিমন্ত বিশ্বই সেই সুবিধাকণ দিলে প্ৰকৃত কোভিড যোদ্ধা সকলো উৎসাহিত হ’ল হেঁতেন।হিমন্ত বিশ্বই ক’ৰ’ণা ভাইৰাছ সন্দৰ্ভত যিবোৰ বাখ্যা দিয়ে সেইবোৰ হয়তো কোনো বিশেষজ্ঞক সুধি লৈহে দিয়ে। এই ক্ষেত্ৰত যাক সুধি লোৱা হ’য় তেওঁকেই কোৱাৰ সুবিধা দিলে কথাবোৰ অধিক গ্ৰহণযোগ্য হ’ল হেঁতেন।এনে কৰিলে মন্ত্ৰী গৰাকীৰ প্ৰচাৰ কমক চাৰি বাঢ়িলহে হেঁতেন।
অসমত কৈয়ো দিল্লীত ক’ৰ’ণাৰ ছবি খন বেছি ভয়াৱহ।কিন্তু দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পি পি ই কিট পিন্ধি আই চি ইউত প্ৰৱেশ কৰা নাই, আই চি ইউৰ ভিতৰত ভিডিঅ’ কৰা নাই।কেজৰিৱালে নিজে বিশেষজ্ঞৰ ভূমিকা নলৈ এইমছৰ সঞ্চালকক ক’ৰ’ণাৰ বিষয়ে তথ্য প্ৰকাশৰ মুক্ত স্বাধীনতা দিছে।
আই চি ইউৰ ভিতৰত সাংবাদিকে ছবি তোলাটো যদি নিষিদ্ধ তেন্তে হিমন্তই আই চি ইউৰ ভিডিঅ’ প্ৰচাৰ কৰাটো কি দৰে আইনসিদ্ধ কথা হ’ল সেয়া বহুতৰে বাবে সাঁথৰ হৈয়ে ৰৈছে।নে মন্ত্ৰী হ’লে যি কোনো কামেই কৰিব পাৰি?
এয়া আত্ম প্রচাৰৰ নামান্তৰ নহয় নে বাৰু? এনে প্ৰচাৰে ৰোগ সংক্ৰমণত কিবা প্ৰকাৰে বাধা দিব পাৰিছেনে?
মন্ত্রী হিমন্তই সচৰাচৰ কৈ অহা— ৰোগৰ ভৱিষ্যত ছবিখন,ভেকচিনৰ অগ্ৰগতি, ‘ক’ৰণা ভাইৰাছ হাতত লৈ খেলি থাকিব পাৰি’,অক্সিজেন লেভেল কমি যোৱা ৰোগীক কেনে দৰৱ দিব পাৰি আদি বিষয় সমূহ অসমৰ চিকিৎসা মহাবিদ্যালয় কেইখনৰ বিশেষজ্ঞ চিকিৎসকে কাৰো পৰা কোনো ধৰণৰ হেঁচা নোপোৱাকৈ বিশ্লেষণ দাঙি ধৰক।
তেতিয়াহে কোভিড যোদ্ধা সকলক যোগ্য দায়িত্ব অৰ্পন কৰা হ’ব আৰু সন্মাণো প্ৰদৰ্শন কৰা হ’ব।তেতিয়াহে জনতাই প্ৰকৃত জ্ঞান পাব,শংকাও দূৰ হ’ব।
দৰাচলতে এতিয়া সময় নহয় বাঃ বাঃ লোৱাৰ,এতিয়া সময় প্ৰকৃত জ্ঞানেৰে ক’ৰ’ণাক প্ৰতিহত কৰাৰ।