যোৱা ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনাৰ দিনটোৰ পুৱাৰ ভাগত দেখা ছবি প্ৰায় ওলোটা হৈ যোৱাৰ দিশ আগ বাঢ়িছে। পুৱা ১০ বজা পৰ্য্যন্ত বাওঁমৰ্চাক সৰ্বাধিক অগ্ৰগতি লাভ কৰা দেখা গৈছিল যদিও শেহতীয়াভাৱে (পুৱা ১১.৩০ বজা) বিজেপিয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে।
এই পৰ্য্যন্ত বিজেপি মৰ্চাই ৩৯খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে বাওঁমৰ্চাই মাত্ৰ ২০খন আসনতহে অগ্ৰগতি পাই আছে। কংগ্ৰেছে কোনো আসনত অগ্ৰগতি লাভ কৰা নাই।
এই পৰিপ্ৰেক্ষিতত সোঁ ৰাজনীতিয়ে বাওঁমৰ্চাক ৰাজ্যখনৰ পৰা উৎখাত কৰাৰ সম্ভাৱনা এটাই দেখা দিছে। এই পৰ্য্যন্ত বেছিভাগ ভোটগণনা কেন্দ্ৰতে দুটা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে বিগত ২৫ বছৰ শাসনত থকা বাওঁমৰ্চাক উৎখাত কৰিবৰ বাবে কেন্দ্ৰত শাসনত থকা গেৰুৱা দলটো দলেবলে ৰাজ্যখনত উবুৰি খাই পৰিছিল। দুয়োটা বিপৰীত ৰাজনৈতিক মতাদৰ্শৰ দলেই পৰস্পৰকে প্ৰধান লক্ষ্য কৰি লোৱা দেখা গৈছিল। আজিৰ ভোটগণনাতো তাৰে প্ৰতিফলন দেখা গৈছে। আটাইকেইখন আসনত কেৱল এই দুই মৰ্চাৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে।
ৰাজ্যখনত বিজেপি দলটোৰ হৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবাৰকৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল। লগতে আহিছিল গৃহ মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাস, স্মৃতি ইৰাণী আদিকে ধৰি মুঠ ৫০জনতকৈ অধিক নেতাই দলটোৰ হৈ প্ৰচাৰ চলাইছিল।
লগতে অসমৰ আটাইতকৈ চতুৰ ৰাজনীতিক মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ নিৰ্বাচনী দায়িত্ব দিয়া হৈছিল।