সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত কেইবাটাও চমক সৃষ্টিকাৰী সিদ্ধান্তও গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
আজিৰ সিদ্ধান্ত অনুসৰি, কেবিনেটে অসমৰ লাইব্ৰেৰীয়ান সকলৰ দৰমহা ৯০০০ ৰ পৰা ১২ হাজাৰলৈ বৃদ্ধি কৰাৰ পোষকতা কৰে। আনহাতে সহায়ক সকলৰ দৰমহা ৫৫০০ টকাৰ পৰা ৯৫০০ টকালৈ বৃদ্ধি কৰা হ’ল।
আজিৰ কেবিনেটত লোৱা আন এটা সিদ্ধান্ত হ’ল বজালী মহকুমাক পূৰ্ণাংগ জিলা হিচাপে অনুমোদন। ইয়াৰ বাবে বজালীত ৮৫ টা নতুন পদ সৃষ্টি কৰা হৈছে।
আনহাতে ষ্ট্ৰিট ভেণ্ডৰ এক্টৰ মতে ব্যৱসায়ৰ স্থান নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে জৰীপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইতিমধ্যে ১০ খন জিলাত ১০ গৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে।
ইফালে বেচৰকাৰী বিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা বেচৰকাৰী বিদ্যালয়ৰ মাছুল কমিটিয়ে নিৰ্ধাৰণ কৰিব।
বাছ চলাচলৰ ক্ষেত্ৰতো কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ষ্টেট কেপিটেলৰ বাবে ২৩৩ খন আৰু কম দূৰত্বৰ বাবে ১৪৭ খন বাছ চলাব পাৰিব বুলি অনুমোদন জনোৱা হয়।
আনহাতে দীৰ্ঘ দূৰত্বৰ বাবে পাঁচ বছৰৰ বাবে এ এছ টি চিৰ অধীনত ২৩৮খন বাছ চলিব।
আজিৰ এই গুৰুত্বপূৰ্ণ কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে এছ ডি আৰ এফৰ দুটা নতুন বেটেলিয়ন সৃষ্টি কৰা হ’ব।