• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস! : বোৱাৰীয়েক আৰু দুবছৰীয়া নাতিনীয়েকক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে এজন লোকে

ডামিয়েন লেপছা by ডামিয়েন লেপছা
August 16, 2020 6:56 pm
index.jpgm

প্ৰতিকী ছবি

2.4k
VIEWS
Share on FacebookShare on Twitter

এক লোমহৰ্ষক হত্যাকাণ্ডৰ লগতে এক আত্মহত্যাই কঁপাই গৈছে আৰুণাচল প্ৰদেশৰ লংডিং জিলা।

এগৰাকী লোকে নিজৰ বোৱাৰী আৰু দুবছৰীয়া নাতিনীয়েকক নৃশংসভাৱে হত্যা কৰি নিজেও আত্মহত্যা কৰিছে।

আৰক্ষীৰ সূত্ৰৰ মতে ইটানগৰৰ পৰা প্ৰায় ৩০৫ কিলোমিটাৰ নিলগৰ লংডিং জিলাৰ ফৰেষ্ট কলনীত সংঘটিত হৈছে এই নৃশংস কাণ্ড।

দেওবাৰে পুৱা ৮ মান বজাত লংডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনয়াক লেগুৱে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি বিপত্নীক মালেম পাঞ্চা নামৰ আফিঙত আসক্ত লোকজনে দীৰ্ঘদিন ধৰি টকাৰ বাবে নিজৰ বোৱাৰীয়েক টৈকাম পাঞ্চাক (৩০) অত্যাচাৰ কৰি আছিল।

আৰক্ষীৰ মতে ঘটনাটো সংঘটিত হোৱা দুদিন পূৰ্বেও শহুৰ আৰু বোৱাৰীয়েকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

উক্ত কাজিয়াৰ সূত্ৰে শহুৰেকে বোৱাৰীয়েক আৰু ২ বছৰীয়া নাতিনীয়েকক ৰাতি শুই থকা অৱস্থাত চোকা অস্ত্ৰেৰে(স্থানীয় দা) কাটি হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নিহত মালেম পাঞ্চাৰ পুত্ৰ তথা টৈকাম পাঞ্চাৰ স্বামী আচাম ৰাইফলছত কৰ্মৰত। টৈকাম পাঞ্চাই দুটি সন্তান আৰু শহুৰেকৰ সৈতে লংডিঙত বাস কৰিছিল।

“ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।” ঘটনাটোৰ সন্দৰ্ভত এইদৰে কয় তদন্তকাৰী আৰক্ষী বিষয়া তথা লংডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনয়াক লেগুৱে।

Recent News

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd