• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা; মাৰ্ঘেৰিটাৰ মাধৱপুৰত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 16, 2020 8:33 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ মাৰ্ঘেৰিটা মহকুমাৰ সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ মাধৱপুৰত এখন চোৰাং কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়।

দেওবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত এ এছ ০১ এল চি ৮৭৯৭ নম্বৰৰ চোৰাং কাঠভৰ্তি বাৰচকীয়া ট্ৰাকখন অৰুণাচল প্ৰদেশৰ পৰা অসমৰ আলুবাৰীত প্ৰৱেশ কৰি ২ নং মহঙেদি আহি মাধৱপুৰ তিনি আলিত পেঙেৰী দিশে ঘূৰিবলৈ লওঁ‌তেই ভাৰাসাম্য হেৰুৱাই নলাত বাগৰি পৰে।

Apply Now

উল্লেখ্য যে ঘটনাস্থলীৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ বৰডুমচা (দুয়োখনৰ নাম একেই) থানালৈ দূৰত্ব মাথোঁ ৩০০ মিটাৰ। দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই বাহনখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে বুলি জানিব পৰা গৈছে।

পূৰ্বৰ স্বাভাৱিক অৱস্থাৰ দৰেই ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত নৈশ লকডাউন কালতো চোৰাং বন মাফিয়াই অৰুণাচলৰ পৰা ভিতৰুৱা পথেদি প্ৰায় প্ৰতি নিশাই এনেদৰে গাড়ীয়ে গাড়ীয়ে অবৈধ কাঠ সৰবৰাহ কৰি থকাৰ তথ্য পোৱা গৈছে।

এইক্ষেত্ৰত বন বিভাগ আৰু আৰক্ষী তথা প্ৰসাশন চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।

দুৰ্ঘটনাত পতিত বাহনখনৰ কাঠসমূহ কোনে সৰবৰাহ কৰিছিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও একেলগে অহা আন দুখন কাঠভৰ্তি ট্ৰাক নিৰ্বিঘ্নে পাৰ হৈ যায় বুলি এক সূত্ৰত প্ৰকাশ।

অবৈধ কাঠৰ মুকলি বেহা বন্ধ কৰা লগতে বনজ সম্পদৰ ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ সচেতন মহলে চৰকাৰ তথা প্ৰসাশনক দাবী জনাইছে।

আজি বন বিভাগীয় বিষয়াই জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত বীম আকাৰৰ কাঠখিনিৰ পৰিমাণ প্ৰায় ৬৫০ চি এফ টি।

কাঠখিনি কেইবাখনো গাড়ীতে পেঙেৰীস্থিত খাটাংপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়া হয়।

এক সূত্ৰই জনোৱা মতে কাঠৰ ট্ৰাকসমূহ ডিৰাক গেটেদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিয়াৰ কথা আছিল যদিও কোনো কাৰণ বশত উক্ত পথৰে নগৈ কাঠৰ চোৰাং চক্ৰই সৰবৰাহৰ বাট সলনি কৰে।

অন্যহাতে মাৰ্ঘেৰিটা মহকুমাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ মেও আৰু জয়ৰাপুৰৰ পৰাও জাগুন-লেখাপানী হৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি মাৰ্ঘেৰিটাৰ মাজেৰে তিনিচুকীয়ালৈ বিভিন্ন সময়ত ট্ৰাকে ট্ৰাকে চোৰাং কাঠ সৰবৰাহ হৈ অহাৰো তথ্য পোৱা গৈছে।

এইক্ষেত্ৰত ডিগবৈ বনসংমণ্ডলৰ অধীনৰ লেখাপানী আৰু মাৰ্ঘেৰিটাৰ বনবিভাগে কমিছনৰ অংকত এই কাঠৰ চোৰাং বেহাত সেউজ শংকেট দি অহাৰ অভিযোগ উত্থাপন হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd