তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ মাৰ্ঘেৰিটা মহকুমাৰ সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ মাধৱপুৰত এখন চোৰাং কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়।
দেওবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত এ এছ ০১ এল চি ৮৭৯৭ নম্বৰৰ চোৰাং কাঠভৰ্তি বাৰচকীয়া ট্ৰাকখন অৰুণাচল প্ৰদেশৰ পৰা অসমৰ আলুবাৰীত প্ৰৱেশ কৰি ২ নং মহঙেদি আহি মাধৱপুৰ তিনি আলিত পেঙেৰী দিশে ঘূৰিবলৈ লওঁতেই ভাৰাসাম্য হেৰুৱাই নলাত বাগৰি পৰে।
উল্লেখ্য যে ঘটনাস্থলীৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ বৰডুমচা (দুয়োখনৰ নাম একেই) থানালৈ দূৰত্ব মাথোঁ ৩০০ মিটাৰ। দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই বাহনখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে বুলি জানিব পৰা গৈছে।
পূৰ্বৰ স্বাভাৱিক অৱস্থাৰ দৰেই ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত নৈশ লকডাউন কালতো চোৰাং বন মাফিয়াই অৰুণাচলৰ পৰা ভিতৰুৱা পথেদি প্ৰায় প্ৰতি নিশাই এনেদৰে গাড়ীয়ে গাড়ীয়ে অবৈধ কাঠ সৰবৰাহ কৰি থকাৰ তথ্য পোৱা গৈছে।
এইক্ষেত্ৰত বন বিভাগ আৰু আৰক্ষী তথা প্ৰসাশন চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।
দুৰ্ঘটনাত পতিত বাহনখনৰ কাঠসমূহ কোনে সৰবৰাহ কৰিছিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও একেলগে অহা আন দুখন কাঠভৰ্তি ট্ৰাক নিৰ্বিঘ্নে পাৰ হৈ যায় বুলি এক সূত্ৰত প্ৰকাশ।
অবৈধ কাঠৰ মুকলি বেহা বন্ধ কৰা লগতে বনজ সম্পদৰ ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ সচেতন মহলে চৰকাৰ তথা প্ৰসাশনক দাবী জনাইছে।
আজি বন বিভাগীয় বিষয়াই জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত বীম আকাৰৰ কাঠখিনিৰ পৰিমাণ প্ৰায় ৬৫০ চি এফ টি।
কাঠখিনি কেইবাখনো গাড়ীতে পেঙেৰীস্থিত খাটাংপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়া হয়।
এক সূত্ৰই জনোৱা মতে কাঠৰ ট্ৰাকসমূহ ডিৰাক গেটেদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিয়াৰ কথা আছিল যদিও কোনো কাৰণ বশত উক্ত পথৰে নগৈ কাঠৰ চোৰাং চক্ৰই সৰবৰাহৰ বাট সলনি কৰে।
অন্যহাতে মাৰ্ঘেৰিটা মহকুমাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ মেও আৰু জয়ৰাপুৰৰ পৰাও জাগুন-লেখাপানী হৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি মাৰ্ঘেৰিটাৰ মাজেৰে তিনিচুকীয়ালৈ বিভিন্ন সময়ত ট্ৰাকে ট্ৰাকে চোৰাং কাঠ সৰবৰাহ হৈ অহাৰো তথ্য পোৱা গৈছে।
এইক্ষেত্ৰত ডিগবৈ বনসংমণ্ডলৰ অধীনৰ লেখাপানী আৰু মাৰ্ঘেৰিটাৰ বনবিভাগে কমিছনৰ অংকত এই কাঠৰ চোৰাং বেহাত সেউজ শংকেট দি অহাৰ অভিযোগ উত্থাপন হৈছে।