• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা বিৰোধী আন্দোলন কোন পথে? এওঁলোকৰ দোষ কি আছিল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 22, 2020 12:46 pm
5 Swahid

কা বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ ৰ ডিচেম্বৰ মাহৰ দুটাকৈ অভিশপ্ত দিন। অসমীয়াৰ স্বাভিমান ৰক্ষাৰ হকে ৰাজপথলৈ বহু নেতা, শিল্পীৰ আহ্বানত  ওলাই আহিছিল হাজাৰ হাজাৰ ৰাইজ।

বিশেষকৈ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ, অভিনেত্ৰী বৰষাৰাণী বিষয়া, অভিনেতা যতীন বৰাৰ আহ্বানত যুৱ প্ৰজন্ম তথা নৱ প্ৰজন্ম ৰাজপথলৈ ওলাই আহিছিল।

চৰকাৰী বাহিনীৰ গুলিত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ উঠি অহা যুৱকে। আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱালে ছয়গাওঁৰ দীপাঞ্জল দাস, গুৱাহাটী হাতীগাওঁৰ চেম ষ্টেফৰ্ড, ডিব্ৰুগড়ৰ দ্বীজেন্দ্ৰ পাংগিং, ওদালগুৰিৰ ঈশ্বৰ নায়ক আৰু বৰপেটাৰ আব্দুল আলিমে পিতৃ-মাতৃৰ বুকু উদং কৰি পৰিয়ালৰ লোকক নিথৰুৱা কৰি গুছি গ’ল দূৰ দূৰণিলৈ।

কিন্তু তাৰ পৰিণতি আজি কি হ’ল?

জাতীয়তাবাদৰ আৱেগ ঢলা, এচাম নেতাৰ আৱেগঢলা বক্তব্যত কা বিৰোধিতাৰে আৱেগিকভাৱে সকলো ৰাজপথলৈ ওলাই আহি আন্দোলনত জপিয়াই পৰিল। তাৰ ভিতৰত এই পাঁচগৰাকী শ্বহীদো আছিল।

সময়ৰ সোঁতত কেব গুচি কা হৈ আইনত পৰিণত হ’ল। লাহে লাহে কা ৰ নেতৃত্ব লোৱা সকলে সুবিধামতে নিজৰ নিজৰ স্থান ল’লে।

ইয়াৰ মাজতে কোনোবা সাংসদ হ’ল, কোনোবা কোনো বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ল, কোনোৱে আকৌ আৱেগত উটি ভাহি কা আন্দোলনত যোগদান কৰা বুলি দাবী কৰি পুনৰ বিজেপিৰ শৰণাপন্ন হ’ল। এনেদৰে সকলোৱে এতিয়া নিজৰ স্থিতি গ্ৰহণ কৰিলে।

কিন্তু যিসকলে আৰক্ষীৰ গুলিত কা আন্দোলনত প্ৰাণ হেৰুৱালে সেইসকলে অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ নামত আৱেগিকভাৱে আহি ৰাজপথত প্ৰাণ দিলে।

কা বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাস গুৱাহাটী সৈনিক ভৱনৰ কেন্টিনৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। কা বিৰোধী আন্দোলনত ৰাজপথলৈ হাজাৰ হাজাৰ জনতা ওলাই অহা দেখি তেওঁ মাকলৈ ফোন কৰি জনাইছিল ‘ময়ো ওলাই যাওঁ, ময়ো অসমীয়া, অসমীয়াৰ বাবে ওলাই যাম।‘

সেয়াই আছিল দীপাঞ্জলৰ ঘৰলৈ বুলি শেষ ফোনকল। তাৰ আধাঘন্টা পাছতেই আৰক্ষীৰ গুলি বুকু ভেদি পাৰ হৈ গ’ল দীপাঞ্জলৰ। ঘৰলৈ উভতি গ’ল দীপাঞ্জলৰ নিথৰ দেহ। ঘৰৰ একমাত্ৰ উপাৰ্জনৰ স্থল দীপাঞ্জলক হেৰুৱাই এতিয়া দিক-বিদিক হেৰুৱাইছে পিতৃ-মাতৃয়ে।

ঠিক সেইদৰে মাত্ৰ ১৬ বছৰীয়া চেম ষ্টেফৰ্ডো জুবিন গাৰ্গ লতাশিললৈ আন্দোলন কৰিব আহিব বুলি চাবলৈ হাতীগাওঁৰ পৰা লতাশিললৈ কাৰফিউৰ মাজতে খোজকাঢ়ি ওলাই গৈছিল। কিন্তু সন্ধিয়া সময়ত হাতীগাওঁ চাৰিআলিৰ সমীপত আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱালে চেমে। আজি চেমৰ মাক অসুস্থ, কিছু পৰিমাণে হেৰুৱাইছে মানসিক ভাৰসাম্য, চকুৰ পৰা নুগুচা হৈছে চকুপানী, কাৰোৰে লগত কথা পতাৰ ইচ্ছা নকৰা হ’ল মাতৃয়ে।

প্ৰশ্ন হৈছে এইসকল শ্বহীদে কেতিয়াবা ন্যায় পাব নে? কোনোবাই সেই শ্বহীদসকলৰ পৰিয়ালৰ খবৰ ৰাখিছেনে?

আপাতত: দেখা গৈছে যে বৰ্তমান কা বিৰোধী আন্দোলনখনৰ নেতৃত্ব দুৰ্বল। কিন্তু যিসকলক লৈ অসমবাসী ৰাইজে আশা কৰিছিল তেওঁলোকে নিজে নিজে গৈ চৰকাৰৰ ওচৰত একপ্ৰকাৰে আত্ম সমৰ্পন কৰিছে।

কা বিৰোধী আন্দোলনৰ সময়ত অসমৰ বহু সা-সম্পত্তিৰ ক্ষতি হ’ল। বিশেষকৈ গুৱাহাটীৰ বহু ৰাজহুৱা সম্পত্তিৰ বিনষ্ট সাধন কৰিলে একাংশ দুষ্টচক্ৰই। জাতি-মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কৰা আন্দোলনত নিজৰেই সম্পদৰাজি ধ্বংস কৰিলে। একাংশ দুষ্টচক্ৰই অসমীয়াৰ স্বাভিমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাইখনো বগৰাই পেলোৱাৰ মৰসাহ কৰিলে।

আনকি এই কা বিৰোধী আন্দোলনক লৈ অসমীয়া সমাজখনত বিভাজনৰো সৃষ্টি হ’ল। জাতি-মাটি-ভেটি ৰক্ষাৰ নামত এক মেৰু বিভাজনৰ সৃষ্টি হ’ল। য’ত প্ৰত্যেক জাতীয়, ৰাষ্ট্ৰীয় দল-সংগঠনে দাবী কৰিবলৈ আৰম্ভ কৰিলে যে তেওঁলোকে নিজে নিজে ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে কাম কৰি আছে। বাস্তৱক্ষেত্ৰত তাৰ কোনো প্ৰতিফলন দেখিবলৈ পোৱা নগ’ল। বৰঞ্চ প্ৰত্যেকে নিজৰ সুবিধাবাদী স্থিতিত অৱস্থান কৰিলে।

আজিও ন্যায়ৰ অপেক্ষাত নিৰৱে চকুলো টুকিছে পঞ্চ শ্বহীদৰ পৰিয়ালে। প্ৰথমেই সকলোৱে মাৰ বান্ধি পঞ্চ শ্বহীদক ন্যায় দিয়াৰ বাবে আস্ফালন কৰিছিল যদিও এতিয়া যেন সকলো বুমেৰাঙত পৰিণত হ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd