• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ সাংবাদিক গকুল শৰ্মাৰ দেহাৱসান

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 4, 2020 10:30 pm
Margherita's senior journalist Gakul Sarma passes away
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট কবি, সাহিত্যিক, ক্ৰীড়া সংগঠক গকুল শৰ্মা (৭৮)ৰ শুকুৰবাৰে ডিব্ৰুগড়স্থ এখন নাৰ্চিং হোমত দেহাৱসান ঘটে।

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত শৰ্মাক আজি পুৱা ডিব্ৰুগড়ৰ এখন নাৰ্চিংহোমত ভৰ্তি কৰাৰ মাত্ৰ ত্ৰিশ মিনিটতে শেষ নিশ্বাস ত্যাগ কৰে।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, মাৰ্ঘেৰিটাৰ প্ৰথমজন চৰকাৰী পেঞ্চনপ্ৰাপ্ত সাংবাদিক প্ৰতিষ্ঠিত লেখক কবি গকুল শৰ্মাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে।

আজি তিনিচুকীয়া সাংবাদিক চ’ৰাত অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাই তেখেতৰ গুণানুকীৰ্তন কৰাৰ লগতে একমিনিট সময় মৌন প্ৰাৰ্থনা কৰি আত্মাৰ সদগতি কামনা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সভাই শৰ্মাৰ স্মৃতিচাৰণ অনুষ্ঠান ৰাজহুৱাভাৱে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অন্যহাতে শৰ্মাৰ নশ্বৰ দেহ মাৰ্ঘেৰিটাৰ মাকুমপথাৰস্থ বাসভৱনত আহি উপস্থিত হোৱাৰ লগে লগে গুণমুগ্ধসকলৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

তেওঁৰ নশ্বৰদেহত গন্ধ পুষ্প অৰ্পণ কৰাৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা মাৰ্ঘেৰিটা, বৰগোলাই শাখা সাহিত্য সভা তিনিচুকীয়া জিলা কবি সন্মিলন, মাৰ্ঘেৰিটা শাখা কবি সন্মিলন, লেখিকা সংস্থা, আছু, ছাত্ৰ মুক্তি আদিৰ পবিত্ৰ পতাকাৰে আবৃত কৰি সন্মান জ্ঞাপন কৰে।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আঁ‌ত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ড° ৰমেন হাজৰিকা, ড° ৰঞ্জিত দত্ত, ৰুনজুন শইকীয়া, লক্ষ্যধৰ সোণোৱাল, জ্যোতিষ ৰাই, মানস প্ৰতিম গগৈ, শান্তনু সৰকাৰ, ৰূপম বৰুৱা, ফাইজুৰ ৰহমান, তপন দে, শ্যামল নেওগ, মনজিত ৰাজখোৱা আদি বহু বিশিষ্ট ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

দিহিংপৰীয়া কবি হিচাপ পৰিচিত শৰ্মা ৰাজ্যখনৰে এগৰাকী জনপ্ৰিয় কবি অতি ভদ্ৰ অমায়িক ব্যক্তি শৰ্মাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

অসম বাৰ্তাজীৱী সংঘৰ স্বীকৃতিপ্ৰাপ্ত তিনিচুকীয়া  জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন  সভাপতি, প্ৰবীণ  সাংবাদিক, শেহতীয়াভাৱে অসম চৰকাৰৰ সাংবাদিক পেঞ্চনৰ বাবে নিৰ্বাচিত গকুল শৰ্মাৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে।

এটা বিবৃতিত সংঘৰ সভাপতি কেশৱ কলিতা আৰু সাধাৰণ সম্পাদক টুটুমণি ফুকনে কয় যে এগৰাকী অতি সৎ আৰু নিষ্ঠাৱান সাংবাদিক গকুল শৰ্মা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ সমগ্ৰ জিলাখনৰ সাংবাদিকসকলক নেতৃত্ব দিয়াৰ লগতে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা সম্পাদকৰ দায়িত্ব এটা সময়ত অলংকিত কৰিছিল।

তেওঁৰ মৃত্যু অসম বাৰ্তাজীৱী সংঘ তথা অসমৰ সংবাদ মাধ্যমৰ বাবে অপূৰণীয় ক্ষতি।

তেওঁৰ সুস্থ নেতৃত্ব আৰু কৰ্ম প্ৰেৰণা সকলোৰে বাবে চিৰস্মৰণীয় আদৰ্শ হৈ ৰ’ব। এই দুখৰ মুহূৰ্তত অসম বাৰ্তাজীৱী সংঘই পৰিয়ালৰ সৈতে দুখৰ সমভাগী হোৱাৰ লগতে পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

অন্যহাতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁ‌ৱৰে প্ৰবীন সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক হিমেন ভট্ৰাচাৰ্য, অনুজ কলিতা, তিনিচুকীয়া সাংবাদিক চ’ৰা, ছৈখোৱা, কাকপথাৰ, ডিগবৈ, শদিয়া প্ৰেছ ক্লাব, আছা তিনিচুকীয়া জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে সাংবাদিক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd