মহা আৰামেৰে শুই আছিল মহিলা গৰাকী।
টোপনিত ইমানেই লালকাল যে বাহিৰৰ পৃথিৱীত কি ঘটিছে সেই কথা ক’বই নোৱাৰে তেওঁ।
নাক বজাই,মুখ মেলি শুই থাকোতেই মহিলা গৰাকীৰ ক্ষেত্ৰত ঘটি গ’ল এক অঘটন।
কাষৰে হাবিৰ পৰা ওলাই অহা এডাল সাপ সোমাই গ’ল মহিলা গৰাকীৰ মুখেৰে।
https://twitter.com/AlBayanNews/status/1300331423673573376?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1300331423673573376%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Foffbeat%2Fworst-nightmare-4-feet-snake-pulled-out-from-womans-mouth-in-russia%2F
ঘটনাটো ঘটিছে ৰাছিয়াত। ৰাছিয়াৰ দাগেস্তানৰ লেভাচি নামৰ অঞ্চলত থকা নিজৰ ঘৰতে শুই থকা অৱস্থাতে মহিলা গৰাকীৰ মুখৰ ভিতৰৰে সোমাই যায় ৪ ফুট দৈৰ্ঘ্যৰ সাপ ডাল।
কিন্তু টোপনিত লালকাল মহিলা গৰাকীয়ে এই বিষম ঘটনাৰ বিষয়ে একোৱেই তৎ ধৰিব নোৱাৰিলে।
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত মহিলা গৰাকীৰ পেটটো বেয়া লগাত চিকিৎসকৰ কাষলৈ যায় আৰু চিকিৎসকে পৰীক্ষা কৰি তেওঁৰ পেটৰ ভিতৰত এডাল সাপ থকাৰ কথাত নিশ্চিত হয়।
ইয়াৰ পিছতে চিকিৎসকে বহু কষ্ট কৰি মহিলা গৰাকীৰ পেটৰ পৰা এডাল টিউৱৰ সহায়ত কৌশলেৰে জীৱন্ত সাপ ডাল উলিয়াই আনিবলৈ সক্ষম হয়।
এই ঘটনাৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পিছতে মানুহৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে।