• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছু-এজেৱাইচিপিয়ে নিবিচাৰিলেও পিছলৈ আকোঁৱালি ল’ব বুলি আশাবাদী KMSS

‘এইটোও কৈছো নিৰ্বাচনত যদি কৃষক মুক্তিৰ এজনো প্ৰাৰ্থী নিদিয়ে তাতো আমাৰ আপত্তি নাই’ — ভাস্কো ডি শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2020 6:36 pm
AASU KMSS FINAL
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মতাদৰ্শ বেলেগ হোৱাৰ বাবে ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঐক্যবদ্ধ হ’বলৈ মন মেলা নাই বুলি বেছ  চৰ্চা চলিছে।

আনকি আছুৰ সভাপতিৰ লগতে এজেৱাইচিপিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ বক্তব্যত আওপকীয়াকৈ হ’লেও পৰিস্ফুট হৈছে যে কৃষক মুক্তিক তেওঁলোকৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ সৈতে চামিল কৰিব খোজা নাই।

Apply Now

আছু আৰু এজেৱাইচিপিৰ নেতৃত্বই ইতিমধ্যে ৰাজনৈতিক দল গঠনৰ প্ৰথমটো খোজ পেলোৱা আৰম্ভ কৰিছে। পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰি “অসম প্ৰথম, সদায় আৰু চিৰদিন” এই মূলমন্ত্ৰৰে আৰম্ভ হ’ল ৰাজনৈতিক দল গঠনৰ কামকাজ।

তাৰ পাছতো আছুৰ সৈতে একত্ৰিত হৈ ঐক্যৱদ্ধ ৰাজনৈতিক বিকল্প প্ৰস্তুত কৰাৰ বাবে আশাবাদী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব।

আজি গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি ভাস্ক’ ডি শইকীয়াই কয় ‘এতিয়াও আশাবাদী আমি একলগ হ’ম আৰু ঐক্যৱদ্ধ ,আপোচবিহীন শক্তি গঢ়ি তুলিম। যি শক্তিৰ ওচৰত বিজেপি, কংগ্ৰেছ, এআইয়ুডিএফ পৰাভুত হ’ব।‘

‘কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমত ঐক্যৱদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক শক্তি গঢ়িব বিচাৰিছিল আৰু ভৱিষ্যতেও বিচাৰি যাম।‘ ভাস্ক’ ডিয়ে লগতে কয়।

ইপিনে, জাতীয়তাবাদী সংগঠনসমূহে একেখন মঞ্চত থিয় হৈ কেতিয়াও কা বিৰোধিতা কৰা নাছিল বুলি স্বীকাৰ কৰি শইকীয়াই কয় ‘যাৰ বাবে ৫ গৰাকীকৈ শ্বহীদ হ’ল, অসমবাসীয়ে ত্যাগ স্বীকাৰ কৰিলে, অখিল গগৈ ন মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে। তাৰ পাছতো কা বিৰোধী আন্দোলনত জিকিব নোৱাৰিলো।‘

শইকীয়াৰ মতে ‘২১ ৰ বিধান সভাৰ নিৰ্বাচনতো তেনেধৰণৰ ঘটনাই ঘটিব যদিহে সকলো জাতীয় সংগঠনে একেখন মঞ্চত থিয় হ’ব নোৱাৰো।‘

‘সেয়েহে বৰ্তমানো আহ্বান জনাই আছো যে অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে ঐক্যৱদ্ধভাৱে ৰাজনৈতিক দল গঠন কৰিবই লাগিব। আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদক কেৱল ঐক্যৱদ্ধ জাতীয়তাবাদেহে পৰাভূত কৰিব পাৰিব।‘ আছু আৰু এজেৱাইচিপিৰ নেতৃত্বলৈ আহ্বান জনাই শইকীয়াই এইদৰে কয়।

ইপিনে, কালি পলাশ চাংমাইয়ে সংবাদ মাধ্যমত কৈছিল যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইতিমধ্যে এটা দল ঘোষণা কৰিছে আৰু এই দলৰ মুখ্য মন্ত্ৰী হিচাপে অখিল গগৈক প্ৰক্ষেপ কৰি পৰিৱেশ বিনষ্ট কৰিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই কয় ‘পলাশ চাংমাইৰ বক্তব্যত ব্যৰ্থিত হৈছো। আমি কেতিয়াও অকলে  দল গঠনৰে  অসমৰ পৰিবেশ বিনষ্ট কৰিব বিচৰা নাই। যি কৰিব লাগে সকলোধৰণৰ প্ৰচেষ্টা সমূহীয়াকৈ কৰিবলৈ প্ৰস্তুত আছো।‘

শইকীয়াৰ দাবী ‘আলাপ আলোচনাৰে ঐক্যবদ্ধ দল গঠনৰ নেতৃত্ব কোনে কোনে দিব সেইটো থিৰাং কৰিব লাগে।‘

আনহাতে, কেইদিনমানৰ পূৰ্বে পলাশ চাংমাইক কৃষক মুক্তিয়ে এই কথা অতি স্পষ্টকৈ জনাই দিয়া বুলি দাবী কৰি শইকীয়াই কয় ‘অখিল গগৈক কোনোধৰণৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা নাই। আমাৰ দলৰ ফালৰ পৰা কোনোধৰণৰ চৰ্ত নাথাকে বুলি পলাশ চাংমাইক জনাই দিয়া হৈছিল।‘

ইপিনে, উক্ত সংবাদমেলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এজনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলেও তেওঁলোকে মানি ল’বলৈ প্ৰস্তুত বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘আনকি আমি এনেকৈয়ো কৈছিলো নিৰ্বাচনত ইমানখন আসন দিব লাগিব তেনে কোনো কথা নাই। আনকি এইটোও কৈছো নিৰ্বাচনত যদি কৃষক মুক্তিৰ এজনো প্ৰাৰ্থী নিদিয়ে তাতো আমাৰ আপত্তি নাই। আমি জাতীয় স্বাৰ্থত ঐক্যৱদ্ধ হ’ব বিচাৰিছো। ক্ষমতাৰ প্ৰতি আমি লালায়িত নহয়।‘

অৱশ্যে ভুলবশতঃ এজন সাংবাদিকে সোধাত শইকীয়াৰ মুখৰ পৰা মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী অখিল গগৈ হ’ব বুলি কিছুদিন পূৰ্বে ওলাই গৈছিল বুলি তেওঁ ভুল স্বীকাৰ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd