• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি কৰ্মৰ স্বাৱলম্বিতাৰে আদৰ্শ হৈ পৰা লক্ষীৰঞ্জনে মুকলি কৰিলে ‘দেউতাৰ কুটীৰ’

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
September 12, 2020 7:12 am
WhatsApp Image 2020-09-11 at 7.27.20 PM

'দেউতাৰ কুটীৰ' মুকলি অনুষ্ঠানৰ মুহুৰ্ত। ফটো: নৰ্থইষ্ট নাও

254
VIEWS
Share on FacebookShare on Twitter

নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘৰতেই এনেয়ে বহি নাথাকি হাতে কামে কৃষি কৰ্মত লাগি পৰিছে চামগুৰিৰ এজন শিক্ষিত যুৱক।

বহু নিবনুৱা যুৱকৰ প্ৰেৰণাৰ উৎস এই যুৱকজন হৈছে চামগুৰিৰ হেমাৰবড়ীৰ লক্ষীৰঞ্জন কাকতি।

লকডাউনৰ প্ৰথম পৰ্যায়ত তেওঁ নিজৰ পথাৰতে উৎপাদন কৰা পটল, জিকা, ভেণ্ডি, পানীলাও, বিলাহী, ৰঙালাও, উৰহী, নেমু টেঙাকে ধৰি বিভিন্ন শাক-পাচলি এখন ঠেলা গাড়ীত নিজে কঢ়িয়াই গাঁৱৰ পদুলিয়ে পদুলিয়ে বিক্ৰী কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

শিক্ষিত লক্ষীৰঞ্জনে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি ঠেলা গাড়ীত পাচলি বিক্ৰী কৰাক কেন্দ্ৰ কৰি এচামে হাঁহিছিল যদিও তালৈ তেওঁ ভ্ৰূক্ষেপ কৰা নাছিল।

শাক-পাচলিৰ লগতে নিজৰ বাৰীৰ পুখুৰীত উৎপাদন কৰা মৎস্য বিক্ৰী কৰিও আন দহজন নিবনুৱা যুৱকৰ আদৰ্শ হৈ পৰিছে লক্ষীৰঞ্জন।

দেউতাক প্ৰয়াত ৰণ্টু বৰকাকতিৰ অনুপ্ৰেৰণা আৰু আদৰ্শ আগত ৰাখি এজন সফল খেতিয়ক হৈ স্বাৱলম্বিতাৰ সপোন ৰচা যুৱক লক্ষীৰঞ্জনে গেৰুৱামুখ গাঁৱৰ কলঙৰ বাকৰিত গঢ়ি তুলিছে এখন বৈজ্ঞানিক ভিত্তিৰ কৃষি পাম।

এই কৃষি পামত ইতিমধ্যে কেইবাজনো স্থানীয় নিবনুৱা যুৱকক নিয়োগ কৰি কৰ্ম সংস্থাপন দিবলৈ তেওঁ সক্ষম হৈছে।

পিতৃ ৰণ্টু কাকতিৰ সোঁৱৰণত এই কৃষি পামত ‘দেউতাৰ কুটীৰ’ নামেৰে এটা পাম ঘৰ নিৰ্মাণ কৰি শুকুৰবাৰে তেওঁ মুকলি কৰে।

কলিয়াবৰ বিজেপিৰ সভাপতি অনিল শ‌ইকীয়াই গেৰুৱামুখত এই ‘দেউতাৰ কুটিৰ’ শুভ উদ্বোধন কৰে।

বিজেপিৰ জিলা সভাপতি শ‌ইকীয়াই অসমীয়া শিক্ষিত যুৱক জনে স্থাপন কৰা এই কৃষি পাম খনৰ শলাগ লোৱাৰ লগতে আন দহজন যুৱককো কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে লক্ষীৰঞ্জনক প্ৰশংসা কৰে।

অনুষ্ঠানত লক্ষীৰঞ্জনে স্থানীয় ৰাইজৰ সহযোগত ভাগৱত পাঠ কৰি মাঙ্গলিক অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd