• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত প্ৰসূতি-কেঁচুৱাৰ মৃত্যুৰ হাৰক লৈ উদ্বিগ্ন উপায়ুক্ত, ব্যৱস্থা লোৱাৰ নিৰ্দেশ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 24, 2020 6:02 pm
Barpeta: Maternal mortality, neonatal death rate worry DC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰ উপায়ুক্তই জিলাখনত প্ৰসূতি আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু স্বাস্থ্য বিভাগক সম্ভৱপৰ সকলো ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে।

বৰপেটা জিলাৰ শিমলাগুৰিৰ ৰতন ক্ষত্ৰিয়ৰ পত্নী সুমিত্ৰাই এটা এটাকৈ তিনিটা কন্যা সন্তান জন্ম দিছিল । তাৰ পিছতো ল’ৰা সন্তানৰ আশাত চতুৰ্থটো সন্তান জন্ম দিবলৈ গৈ বৰপেটা ৰোডৰ চিকিৎসালয়ত যোৱা ১৮ আগষ্টত ৩৫ বছৰ বয়সত মৃত্যুক সাৱতি লয়।

Apply Now

একেদৰে মন্দিয়াৰ আমিনুৰ ৰহমানৰ পত্নী খুদেজা খাতূনে ১৮ বছৰ বয়সতে গৰ্ভধাৰণ কৰি ৰক্তহীনতা আদি সমস্যাৰ ফলত সন্তান জন্ম দিয়েই যোৱা ২৪ মে’ত মৃত্যু মুখত পৰে।

এনেদৰেই অধিক সন্তান জন্ম দিয়া আৰু অপৈনত বয়সত গৰ্ভধাৰণ কৰাৰ ফলত বৰপেটা জিলাৰ বহু প্ৰসূতিয়ে কম বয়সতে কৰুণভাবে মৃত্যুক সাৱতি ল’বলগীয়া হয়।

তদুপৰি স্বাস্থ্যৰ সঠিক যত্ন নোলোৱা, পৰিপুষ্টি আৰু সাৱধানতাৰ অভাৱ আদিৰ বাবেও বিভাগীয় তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষটোত এই পৰ্যন্ত ২০গৰাকী প্ৰসূতি বা গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰাৰ বিপৰীতে কেঁচুৱাৰ মৃত্যুৰ সংখ্যা হৈছেগৈ ১৫৭।

অৱশ্যে প্ৰকৃত সংখ্যা ইয়াতকৈ অধিক হোৱাৰ আশংকা আছে।

এই বিষয়টোক লৈ উদ্বিগ্ন জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাখনৰ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বিষয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত উপায়ুক্ত শৰ্মাই চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক কেঁচুৱা আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত ল’বলৈ আহ্বান জনায়।

তেওঁ কয় যে আজিৰ আধুনিক চিকিৎসা বিজ্ঞানৰ যুগত এনে প্ৰতিটো ঘটনাই সমাজৰ বাবেই অতি দুৰ্ভাগ্যজনক।

সকলোৰে সমন্বিত প্ৰচেষ্টাইহে ইয়াৰ অৱসান ঘটাব পাৰিব বুলি তেওঁ মতপোষণ কৰে।

এই সভাতে ওপৰত উল্লেখিত দুৰ্ভগীয়া প্ৰসূতি দুগৰাকীৰ পৰিয়ালৰ লোকো উপস্থিত থাকি নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে।

সভাত এনে প্ৰতিটো ঘটনাৰ পৰ্যালোচনা চলাই তাৰ প্ৰতিকাৰৰ বাবে লব লগীয়া ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰেও বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি এই সম্পৰ্কত বিহিত ব্যৱস্থা লোৱাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক পৰামৰ্শ দিছে।

সভাত জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা: প্ৰমথেশ শৰ্মা, বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ স্ত্ৰীৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডা: কৰবী বৰ্মন, শিশু ৰোগ বিভাগৰ ডা: ইন্দিৰা দাস, জিলা স্বাস্থ্য অভিযানৰ কৰ্মসূচী বিষয়া ৰাজীব মেধী আদি বিষয়া আৰু বিশেষজ্ঞ চিকিৎসকো উপস্থিত থাকে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd