কৃষক বিৰোধী আইন, অত্যৱশ্যকীয় সামগ্ৰী সংশোধনী আইন, অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত হোৱা অনিয়ম আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু আটাছুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক আৰু শ্ৰমিক বিৰুধী আইনৰ বিৰোধিতা কৰি শিৱসাগৰৰ দ’লমুখ চাৰিআলিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে।
আনহাতে বীৰ লাচিত সেনাই নতুন কৃষি বিধেয়ক বাতিল, অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা চাউল, দাইল, তেল আদি কৰ্তন কৰাৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে।
অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন অসম চৰকাৰে নিবনুৱা সকলৰ লগত কৰা প্ৰৱঞ্চনাৰ প্ৰতিবাদত বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে।
ইপিনে সদৌ টাই আহোম ছাত্ৰ সন্থাই ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আজি এক বিশাল বাইক ৰেলী বাহিৰ কৰে। শিৱসাগৰৰ দ’লমুখ চাৰি আলিৰ পৰা এই বাইক ৰেলী সমগ্ৰ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে। বিজেপি গ’ বেক, আৰ এচ এচ গ’ বেক, ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক আদি শ্লগানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।
আনহাতে কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবী কৰে আটাছুৱে। আটাছুৰ সাধাৰণ সম্পাদক লিটুল বুঢ়াগোঁহায়ে কয়, চৰকাৰে অখিল গগৈক মুকলি কৰি নিদিলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব।