অসম বিধানসভাৰ পৰা বড়ো ভাষা আঁতৰোৱা কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)-ই। এই সিদ্ধান্তক বড়ো জনগোষ্ঠীৰ পৰিচয়, সন্মান আৰু আত্মমৰ্যাদাৰ প্ৰতি অপমান বুলি অভিহিত কৰি সংগঠনটোৱে পুনৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ সকীয়নি দিছে।
কোকৰাঝাৰত এবছুৰ মুখ্য কাৰ্যালয় বড়োফা হাউছত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ সভাপতি খৌৰামদাও ওৱাৰীয়ে কয় যে ২০০৩ চনত বড়ো চুক্তিৰ জৰিয়তে বড়ো ভাষাই সাংবিধানিক স্বীকৃতি লাভ কৰিছিল। বড়ো জনগোষ্ঠীৰ ইতিহাস, পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয়ৰ সৈতে ভাষাটোৰ গভীৰ সম্পৰ্ক আছে। সেয়েহে বিধানসভাৰ পৰা এই ভাষা আঁতৰোৱা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
বড়ো ভাষাৰ স্বীকৃতি লাভৰ বাবে জনগোষ্ঠীটোৱে কেইবা দশক ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু বহু ত্যাগ স্বীকাৰ কৰিছিল বুলিও তেওঁ উল্লেখ কৰে। দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত লাভ কৰা স্বীকৃতি এনেদৰে আঁতৰাই দিয়াটোৱে বড়ো লোকসকলৰ মনত গভীৰ আঘাত দিছে বুলি মন্তব্য কৰে এবছুৰ সভাপতিগৰাকীয়ে। তেওঁৰ মতে, এনে সিদ্ধান্তই ভাষাটোৰ মৰ্যাদা হ্ৰাস কৰাৰ লগতে বড়ো জনগোষ্ঠীৰ আৱেগ-অনুভূতিকো উপেক্ষা কৰিছে।
বড়ো জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাভিমানৰ আন্দোলনৰ কথা স্মৰণ কৰি ওৱাৰীয়ে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত চলা ‘অসম ৫০-৫০’ আন্দোলনৰ কথাও উল্লেখ কৰে। তেওঁ সকীয়াই দিয়ে যে বড়ো ভাষাক বিধানসভাৰ পৰা আঁতৰোৱাৰ দৰে সিদ্ধান্তই জনগোষ্ঠীটোক পুনৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত সংগ্ৰামৰ পথলৈ ঠেলি দিব পাৰে।
একে সময়তে অসমীয়া ভাষাৰ প্ৰতি বড়ো জনগোষ্ঠীৰ সন্মান আৰু ৰাজ্যখনত ভাষাটোৰ গুৰুত্বৰ কথাও উল্লেখ কৰে এবছুৰ সভাপতিগৰাকীয়ে। কিন্তু অসমীয়া ভাষাক সন্মান জনোৱাৰ অৰ্থ এইটো নহয় যে বড়ো ভাষাৰ অধিকাৰ আৰু মৰ্যাদা উপেক্ষা কৰা হ’ব। বিধানসভাৰ পৰা বড়ো ভাষা আঁতৰোৱাটো ভাষাটোৰ লগতে ইয়াক কোৱা লোকসকলৰ প্ৰতিও অসন্মান বুলি তেওঁ মন্তব্য কৰে।
এই সিদ্ধান্তৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক দায়ী কৰি এবছুৰ সভাপতিগৰাকীয়ে বড়ো ভাষাক পূৰ্বৰ দৰে বিধানসভাত পুনৰ স্থান দিবলৈ দাবী জনায়। অসমত বড়ো ভাষাৰ সহযোগী ভাষা হিচাপে থকা মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে বিধানসভাত ইয়াৰ ব্যৱহাৰ পুনৰ বাহাল কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায় সংগঠনটোৱে।





