নগাঁও জিলাৰ শালনাৰ ডিজু নৈত এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।
নিহত লোকজন ৰবি ৰাজবংশী বুলি জানিব পাৰি।
জানিব পৰা মতে, বৰঘাটৰ পৰা আমনি অভিমুখে আহি থকা এ এছ ০২ এ বি ৬৪৪৯ নম্বৰৰ গাড়ীখনে শালনা ডাকঘৰৰ সমীপৰ ডিজু নৈত আজি বিয়লি নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।
ফলত গাড়ীখনৰ চালক ৰবি ৰাজবংশী (৫৯)থিতাতে নিহত হোৱাৰ লগতে আনজন আৰোহী শুক্ৰা লোহাৰ (২৪) নামৰ যুৱক জন গুৰুতৰভাৱে আহত হব লগা হয়।
ইতিমধ্যে, ঘটনাস্থলীৰ পৰা শালনা আৰক্ষীয়ে ৰাইজৰ সহযোগত ৰবি ৰাজবংশীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আহত হোৱা শুক্ৰা লোহাৰক উদ্ধাৰ কৰি চিমনাবস্তি চিকিত্সালয়ত ভৰ্তি কৰে।
আনহাতে, নিহত ৰবি ৰাজবংশীৰ ঘৰ শালনা ৰে’লৱে ক’লনিত বুলি জানিব পৰা গৈছে ।