• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

উল্কাবৃষ্টি চাবলৈ স্বচ্ছ আৰু অন্ধকাৰ আকাশ অতি প্ৰয়োজনীয়। চহৰত ষ্ট্ৰীট লাইট, অট্টালিকা আৰু বাহনৰ লাইটৰ ফলত উল্কাপিণ্ড দেখাত কঠিন হয়। গতিকে এনে এখন মুকলি পথাৰ বা এনে ঠাই বাছি লওক য’ত কৃত্ৰিম পোহৰ অতি কম।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2026 7:46 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অক্টোবৰ মাহৰ নিশা আকাশৰ ওপৰত ভালদৰে দৃষ্টি ৰাখিব। ২১ আৰু ২২ অক্টোবৰত ‘অৰিঅ’নিড’ উল্কাবৃষ্টি দেখাৰ সুযোগ পাব। আটাইতকৈ ভাল লগা কথাটো হ’ল ইয়াক চাবলৈ দামী টেলিস্কোপৰ প্ৰয়োজন নাই। যদি আকাশ পৰিষ্কাৰ আৰু আন্ধাৰ থাকে তেন্তে খালী চকুৰে এই ‘উল্কা বৃষ্টি’ বা ‘পপীয়া তৰা’ দেখা সম্ভৱ বুলি জানিবলৈ দিয়ে নেহৰু প্লেনেটেৰিয়ামৰ পৰিচালক ৱাই ৰবি কিৰণে।

অক্টোবৰ মাহত ঘটা মহাজাগতিক পৰিঘটনাৰ ভিতৰত ‘অৰিঅ’নিড উল্কাবৃষ্টি’ (Orionid meteor shower) বিশেষভাৱে উল্লেখযোগ্য। ই হেলিৰ ধুমকেতুৰ অৱশিষ্টৰে গঠিত। ধুমকেতু এটাই যেতিয়া সূৰ্য্যক প্ৰদক্ষিণ কৰে তেতিয়া ই নিজৰ নেজৰ কিছু অংশ এৰি যায় – বিশেষকৈ যেতিয়া ই সূৰ্য্যৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। এই অৱশিষ্টবোৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলে উল্কাবৃষ্টিৰ দৰে দৃশ্য এটাৰ সৃষ্টি হয়।

অৰ্থাৎ এই ধ্বংসাৱশেষৰ মাজেৰে পৃথিৱী পাৰ হ’লে কণিকাবোৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি জ্বলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আকাশত ‘উল্কা’ বা ‘পপীয়া তৰা’ৰ দৰে দৃশ্যৰ সৃষ্টি হয়। যেতিয়া হেলি ধুমকেতুৰ ধ্বংসাৱশেষ পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে সংঘৰ্ষ হ’ব, তেতিয়া প্ৰতি ঘণ্টাত ১০ৰ পৰা ২০টা ‘উল্কাপিণ্ড’ আকাশত স্পষ্টকৈ দেখা যাব।

Apply Now

ডঃ ৱাই ৰবি কিৰণে পৰামৰ্শ দিয়ে যে ২১ৰ পৰা ২২ অক্টোবৰৰ মাজনিশাৰ পৰা পুৱতি নিশাৰ ভিতৰত ইয়াক চাবলৈ চেষ্টা কৰিব পাৰি।পুৱা ৩ৰ পৰা ৪ বজাৰ ভিতৰত উল্কাপাত দেখাৰ সম্ভাৱনা সৰ্বাধিক। সূৰ্য্য উদয়ৰ ঠিক আগতে – চন্দ্ৰ অস্ত যোৱাৰ পিছত –চাৰিওফালে আন্ধাৰ বিয়পি পৰাৰ লগে লগে এই ‘পপীয়া তৰা’ বা উল্কাপিণ্ডবোৰ অতি স্পষ্ট আৰু উজ্জ্বল দেখা যাব। পৰিস্থিতি অনুকূল হ’লে এঘণ্টাত ১০ৰ পৰা ২০টা উল্কাপিণ্ড পৰ্যন্ত দেখা পোৱা যায়।

অক্টোবৰ মাহত শনি গ্ৰহ পৰ্যবেক্ষণৰ বাবেও ভাল সময় হ’ব। অক্টোবৰৰ আৰম্ভণিতে শনিয়ে পৃথিৱীৰ পৰা সূৰ্য্যৰ হুবহু বিপৰীত স্থানত উপনীত হয়; এই সময়ত ইয়াক বছৰৰ আটাইতকৈ ডাঙৰ আৰু উজ্জ্বল যেন দেখা যায়। এই দৃশ্য গোটেই অক্টোবৰ মাহটো দেখা যাব। আমি সহজেই খালী চকুৰে চাৰিটা গ্ৰহ – বৃহস্পতি, শুক্ৰ, মংগল আৰু শনি – চিনাক্ত কৰিব পাৰো। পটভূমিত থকা তৰাবোৰ স্থবিৰ হৈ থাকিলেও সেই তৰাৰ পটভূমিৰ ওপৰেৰে এই গ্ৰহবোৰ গতি কৰা দেখা যায়।

ভাৰতত ক’ত কেনেকৈ দেখা পাব?

উল্কাবৃষ্টি চাবলৈ স্বচ্ছ আৰু অন্ধকাৰ আকাশ অতি প্ৰয়োজনীয়। চহৰত ষ্ট্ৰীট লাইট, অট্টালিকা আৰু বাহনৰ লাইটৰ ফলত উল্কাপিণ্ড দেখাত কঠিন হয়। গতিকে এনে এখন মুকলি পথাৰ বা এনে ঠাই বাছি লওক য’ত কৃত্ৰিম পোহৰ অতি কম। ডঃ ৱাই ৰবি কিৰণে আকাশ নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰাৰ আগতে আপোনাৰ চকু দুটাক আন্ধাৰৰ লগত খাপ খুৱাবলৈ প্ৰায় ২০ মিনিট সময় দিবলৈ পৰামৰ্শ দিয়ে। এই সময়ত আপোনাৰ মোবাইলৰ স্ক্ৰীণৰ উজ্জ্বল পোহৰৰ পৰা আঁতৰি থাকক, যাতে আপোনাৰ চকু দুটা আন্ধাৰৰ লগত সম্পূৰ্ণৰূপে খাপ খাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd