• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও-কাৰ্বিআংলঙৰ সীমান্তৱৰ্ত্তী ৰাইজৰ বাবে সুখবৰ : হাতীৰ খাদ্যৰ বাবে বনভূমিৰ মুকলি ঠাইত ঘাঁহ ৰোপণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

হাতীবন্ধু দুলু বৰাৰ উদ্যোগ এইবছৰো ৬০০ বিঘা মাটিত বনৰীয়া হাতীৰ খাদ্যৰ বাবে কৃষিকাৰ্য হাতীখলি ৰংহাংত

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 4, 2020 9:20 am
IMG-20201004-WA0018
215
VIEWS
Share on FacebookShare on Twitter

নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্ত্তী অঞ্চলত সুদীৰ্ঘ দিন ধৰি বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিবলৈ বাধ্য হোৱা ভুক্তভোগী লোকসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে বন বিভাগে।

বন বিভাগৰ এক বিশেষ সূত্ৰৰ খবৰৰ মতে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ নিৰ্দেশ অনুসৰি নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী চোৰাং সংৰক্ষিত বনাঞ্চলকে ধৰি বন্যহস্তীয়ে বিচৰণ কৰা পাহাৰীয়া বনাঞ্চলসমূহৰ মুকলি ঠাইবোৰত এইবছৰ বন্যহস্তীৰ খাদ্যক বাবে ৰোপণ কৰা হ’ব বিভিন্ন প্ৰজাতিৰ ঘাঁহ জাতীয় উদ্ভিদ।

বনৰীয়া হাতীয়ে যাতে কৃষকৰ পথাৰত ধান পকাৰ সময়ত খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি নাহি পাহাৰতে পৰ্যাপ্ত আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হ’ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কেম্পা আঁচনিৰ জৰিয়তে এক বৃহৎ পৰিকল্পনাৰে বন বিভাগ এই কামত যথেষ্ট আগবাঢ়িছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে নগাঁও জিলাৰ বন সংমণ্ডল বিষয়া গৰাকীয়ে।

নগাঁও জিলাৰ চাপানালাত অনুষ্ঠিত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচীত শালনা আঞ্চলিক বন বিষয়াগৰাকীৰ সৈতে উপস্থিত থাকি নগাঁও জিলা বন সংমণ্ডল বিষয়াগৰাকীয়ে সমগ্ৰ সপ্তাহটো কেৱল বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰাৰ কথাও সদৰি কৰে।

উল্লেখযোগ্য যে, যোৱা বছৰ ভৈয়ামৰ পথাৰলৈ ধান পকাৰ সময়ত বন্যহস্তী নামি নাহিবলৈ ৰাজ্যৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতা তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ৰংহাং হাতীখলি গাঁৱৰ ৰাইজে “হাতীবন্ধু” নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত ২০০ বিঘা ভূমিত বনৰীয়া হাতীয়ে খাবৰ বাবে ধান খেতি কৰি লাভ কৰিবলৈ সক্ষম হৈছিল এক বিশেষ সফলতা।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালৰ পোনপটীয়া নিৰ্দেশ অনুযায়ী বন বিভাগেও নিজাববীয়াকৈ এই বছৰ দুলু বৰাৰ আৰ্হিৰে অনুৰূপ ধৰণেৰে বনৰীয়া হাতীৰ বাবে বনভূমিত ঘাঁহ ৰোপণ কৰাৰ আশাব্যঞ্জক খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে খোদ প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাও।

ইফালে দুলু বৰাৰ নেতৃত্বত ৰংহাং হাতীখলি গাঁৱৰ ৰাইজে হাতীবন্ধুৰ জৰিয়তে পুনৰ এই বছৰো ২০০ বিঘাৰ পৰিৱৰ্তে ৬০০ বিঘাকৈ ভূমিত ধান খেতিৰ লগতে পাহাৰীয়া অঞ্চলত হাতীৰ বাবে খাদ্য হিচাপে বিভিন্ন প্ৰজাতিৰ ঘাঁহ গছ ৰোপণ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd