• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও-কাৰ্বিআংলঙৰ সীমান্তৱৰ্ত্তী ৰাইজৰ বাবে সুখবৰ : হাতীৰ খাদ্যৰ বাবে বনভূমিৰ মুকলি ঠাইত ঘাঁহ ৰোপণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

হাতীবন্ধু দুলু বৰাৰ উদ্যোগ এইবছৰো ৬০০ বিঘা মাটিত বনৰীয়া হাতীৰ খাদ্যৰ বাবে কৃষিকাৰ্য হাতীখলি ৰংহাংত

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 4, 2020 9:20 am
IMG-20201004-WA0018
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্ত্তী অঞ্চলত সুদীৰ্ঘ দিন ধৰি বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিবলৈ বাধ্য হোৱা ভুক্তভোগী লোকসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে বন বিভাগে।

বন বিভাগৰ এক বিশেষ সূত্ৰৰ খবৰৰ মতে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ নিৰ্দেশ অনুসৰি নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী চোৰাং সংৰক্ষিত বনাঞ্চলকে ধৰি বন্যহস্তীয়ে বিচৰণ কৰা পাহাৰীয়া বনাঞ্চলসমূহৰ মুকলি ঠাইবোৰত এইবছৰ বন্যহস্তীৰ খাদ্যক বাবে ৰোপণ কৰা হ’ব বিভিন্ন প্ৰজাতিৰ ঘাঁহ জাতীয় উদ্ভিদ।

Apply Now

বনৰীয়া হাতীয়ে যাতে কৃষকৰ পথাৰত ধান পকাৰ সময়ত খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি নাহি পাহাৰতে পৰ্যাপ্ত আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হ’ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কেম্পা আঁচনিৰ জৰিয়তে এক বৃহৎ পৰিকল্পনাৰে বন বিভাগ এই কামত যথেষ্ট আগবাঢ়িছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে নগাঁও জিলাৰ বন সংমণ্ডল বিষয়া গৰাকীয়ে।

নগাঁও জিলাৰ চাপানালাত অনুষ্ঠিত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচীত শালনা আঞ্চলিক বন বিষয়াগৰাকীৰ সৈতে উপস্থিত থাকি নগাঁও জিলা বন সংমণ্ডল বিষয়াগৰাকীয়ে সমগ্ৰ সপ্তাহটো কেৱল বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰাৰ কথাও সদৰি কৰে।

উল্লেখযোগ্য যে, যোৱা বছৰ ভৈয়ামৰ পথাৰলৈ ধান পকাৰ সময়ত বন্যহস্তী নামি নাহিবলৈ ৰাজ্যৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতা তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ৰংহাং হাতীখলি গাঁৱৰ ৰাইজে “হাতীবন্ধু” নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত ২০০ বিঘা ভূমিত বনৰীয়া হাতীয়ে খাবৰ বাবে ধান খেতি কৰি লাভ কৰিবলৈ সক্ষম হৈছিল এক বিশেষ সফলতা।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালৰ পোনপটীয়া নিৰ্দেশ অনুযায়ী বন বিভাগেও নিজাববীয়াকৈ এই বছৰ দুলু বৰাৰ আৰ্হিৰে অনুৰূপ ধৰণেৰে বনৰীয়া হাতীৰ বাবে বনভূমিত ঘাঁহ ৰোপণ কৰাৰ আশাব্যঞ্জক খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে খোদ প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাও।

ইফালে দুলু বৰাৰ নেতৃত্বত ৰংহাং হাতীখলি গাঁৱৰ ৰাইজে হাতীবন্ধুৰ জৰিয়তে পুনৰ এই বছৰো ২০০ বিঘাৰ পৰিৱৰ্তে ৬০০ বিঘাকৈ ভূমিত ধান খেতিৰ লগতে পাহাৰীয়া অঞ্চলত হাতীৰ বাবে খাদ্য হিচাপে বিভিন্ন প্ৰজাতিৰ ঘাঁহ গছ ৰোপণ কৰিব বুলি জানিবলৈ দিয়ে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd