• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দুৰ্নীতিৰ সদাগৰ, নিজৰ ১৫ বছৰীয়া শাসনকালত কংগ্ৰেছে ৰাজ্যত দুৰ্নীতিৰ দোকান খুলি লৈছিল : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2020 9:06 pm
Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বৰ্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ পাছতেই বিগত চাৰি চাৰিটা বছৰে চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় ৮০,০০০ যুৱক-যুৱতীক সম্পুৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত নিয়মীয়া তথা ঠিকাভিত্তিত নিযুক্তি প্ৰদান কৰা হৈছে।এই নিযুক্তিসমূহৰ ক্ষেত্ৰত কেতিয়াও কোনেও চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ আঙুলি উঠাবলৈ সুযোগ পোৱা নাই। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ ক্ষেত্ৰত কোনো দুষ্ট চক্ৰই চৰকাৰখনৰ নিকা ভাবমূৰ্তিত চেকা লগাবলৈ অপচেষ্টা কৰিছিল,’’ আজি মাজুলীৰ দাৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত ভূমিহীন খিলঞ্জিয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আবণ্টন পত্ৰ বিতৰণী অনুষ্ঠানৰ পাছতেই সাংবাদিকৰে হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰে।

তেওঁ কয় যে, এই অপকৰ্মত জড়িত কোনো এগৰাকী লোককেই চৰকাৰে সাৰি যাবলৈ নিদিয়ে। অসম আৰক্ষীয়ে সম্পূৰ্ণ সততা আৰু দক্ষতাৰে এই গোচৰৰ তদন্ত কৰি আছে বুলি জানিবলৈ দি এইক্ষেত্ৰত সন্দেহৰ আঙুলি উঠা আপোন-পৰ কাকো ৰেহাই দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

Apply Now

কংগ্ৰেছৰ ১৫ বছৰীয়া অপশাসনত সংঘটিত পৰ্বতসম দুৰ্নীতিৰ বাবে দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্য মন্ত্ৰীয়ে কংগ্ৰেছক দুৰ্নীতিৰ সদাগৰ বুলি আখ্যা দিয়ে।

কংগ্ৰেছে দুৰ্নীতিৰ প্ৰতিবাদ কৰা আৰু বাঘে নিৰামিষভোজী হবলৈ চেষ্টা কৰা একেই কথা বুলি মন্তব্য কৰি তেওঁ কয় যে নিজৰ শাসনকালত কংগ্ৰেছে ৰাজ্যত দুৰ্নীতিৰ দোকান খুলি লৈছিল। প্ৰায় প্ৰতিটো বিভাগতে নিযুক্তি, ঠিকা-ঠুকলিৰ নামত দলটোৰ নেতা-পালিনেতাই অবাধ কেলেংকাৰীৰ বেহা চলাইছিল।

দুৰ্নীতিক তেওঁলোকে চৰকাৰী প্ৰশাসন যন্ত্ৰৰ এক অভিন্ন অংগ কৰি পেলাইছিল। ২০১৬ চনত বৰ্তমানৰ শাসনলৈ অহাৰ পাছৰ পৰা কংগ্ৰেছে লেতেৰা কৰি যোৱা প্ৰশাসন যন্ত্ৰটো চাফা কৰি তোলাৰ কামতেই যথেষ্ট সময় ব্যয় কৰিব লগা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিজে ডিঙিলৈকে বোকাত ড়ুবি থাকি আনৰ পোছাকত বোকাৰ দাগ হঁহাৰ দৰেই এই দলটোৱে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd