• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দুৰ্নীতিৰ সদাগৰ, নিজৰ ১৫ বছৰীয়া শাসনকালত কংগ্ৰেছে ৰাজ্যত দুৰ্নীতিৰ দোকান খুলি লৈছিল : মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2020 9:06 pm

2 min read

Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

184
VIEWS
Share on FacebookShare on Twitter

‘’বৰ্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ পাছতেই বিগত চাৰি চাৰিটা বছৰে চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় ৮০,০০০ যুৱক-যুৱতীক সম্পুৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত নিয়মীয়া তথা ঠিকাভিত্তিত নিযুক্তি প্ৰদান কৰা হৈছে।এই নিযুক্তিসমূহৰ ক্ষেত্ৰত কেতিয়াও কোনেও চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ আঙুলি উঠাবলৈ সুযোগ পোৱা নাই। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ ক্ষেত্ৰত কোনো দুষ্ট চক্ৰই চৰকাৰখনৰ নিকা ভাবমূৰ্তিত চেকা লগাবলৈ অপচেষ্টা কৰিছিল,’’ আজি মাজুলীৰ দাৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত ভূমিহীন খিলঞ্জিয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আবণ্টন পত্ৰ বিতৰণী অনুষ্ঠানৰ পাছতেই সাংবাদিকৰে হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰে।

তেওঁ কয় যে, এই অপকৰ্মত জড়িত কোনো এগৰাকী লোককেই চৰকাৰে সাৰি যাবলৈ নিদিয়ে। অসম আৰক্ষীয়ে সম্পূৰ্ণ সততা আৰু দক্ষতাৰে এই গোচৰৰ তদন্ত কৰি আছে বুলি জানিবলৈ দি এইক্ষেত্ৰত সন্দেহৰ আঙুলি উঠা আপোন-পৰ কাকো ৰেহাই দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

কংগ্ৰেছৰ ১৫ বছৰীয়া অপশাসনত সংঘটিত পৰ্বতসম দুৰ্নীতিৰ বাবে দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্য মন্ত্ৰীয়ে কংগ্ৰেছক দুৰ্নীতিৰ সদাগৰ বুলি আখ্যা দিয়ে।

কংগ্ৰেছে দুৰ্নীতিৰ প্ৰতিবাদ কৰা আৰু বাঘে নিৰামিষভোজী হবলৈ চেষ্টা কৰা একেই কথা বুলি মন্তব্য কৰি তেওঁ কয় যে নিজৰ শাসনকালত কংগ্ৰেছে ৰাজ্যত দুৰ্নীতিৰ দোকান খুলি লৈছিল। প্ৰায় প্ৰতিটো বিভাগতে নিযুক্তি, ঠিকা-ঠুকলিৰ নামত দলটোৰ নেতা-পালিনেতাই অবাধ কেলেংকাৰীৰ বেহা চলাইছিল।

দুৰ্নীতিক তেওঁলোকে চৰকাৰী প্ৰশাসন যন্ত্ৰৰ এক অভিন্ন অংগ কৰি পেলাইছিল। ২০১৬ চনত বৰ্তমানৰ শাসনলৈ অহাৰ পাছৰ পৰা কংগ্ৰেছে লেতেৰা কৰি যোৱা প্ৰশাসন যন্ত্ৰটো চাফা কৰি তোলাৰ কামতেই যথেষ্ট সময় ব্যয় কৰিব লগা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিজে ডিঙিলৈকে বোকাত ড়ুবি থাকি আনৰ পোছাকত বোকাৰ দাগ হঁহাৰ দৰেই এই দলটোৱে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে।

Recent News

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd