কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসিত পৰষদ গঠনকে ধৰি বিভিন্ন দাবীৰে ১০ অক্টোবৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে।
আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে।
সংবাদ মেলত সংগঠন দুটাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। চৰকাৰক বিভিন্ন সময়ত কলিতা জনগোষ্ঠীৰ সংগঠন সমূহে জনজাতিকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে দাবী সমূহ পূৰণৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই।
বিজেপি চৰকাৰৰ ‘সব কা সাথ সব কা বিকাশ’ কেৱল এক শ্ল’গানহে বুলি অভিহিত কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বীহক সদস্য যুগান্তৰ বৰদলৈয়ে।
আনহাতে, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা জয়সূৰ্য্য বৰাই কয় যে, ২১ৰ নিৰ্বাচনৰ আগত যদি চৰকাৰে কলিতা জনগোষ্ঠীসমূহে উত্থাপন কৰা দাবী সমুহ পূৰণ কৰে তেন্তে ৭০ লাখ কলিতা ৰাইজ একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব।
তদুপৰি, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সংগঠন দুটাই উত্থাপন কৰা দাবী সমূহ হ’ল ক্ৰমে- কলিতা জনগোষ্ঠীক অনুসূচীত জনজাতি ঘোষণা কৰা, প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা, কলিতা জনগোষ্ঠীৰ উন্নয়ণ পৰিষদ গঠন কৰা, লোকসভা ৰাজ্যসভা আৰু প্ৰস্তাবিত উচ্চ সদনত কলিতা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষিত কৰা, শিক্ষাৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ বাবে ৩০ শতাংশ আসন সংৰক্ষিত কৰা, অসমৰ প্ৰতিখন জিলাত কলিতা ৰজা ভগদত্ত প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আৱন্তন দিয়া, কলিতা জনগোষ্ঠীৰ উন্নয়ণৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত শিল্পীলৈ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰাৰ লগতে শিৱসাগৰ নগৰত শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা।
৩০ টা জাতীয় সংগঠনৰ আৰু ৭০ টা জাতীয় সংগঠনৰ প্ৰস্থাবিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কলিতা জনগোষ্ঠীৰ কোনো সংগঠনক নিমন্ত্ৰণ জনোৱা নাই বুলিও জনায় সংগঠন দুটাই।