• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ ঘটনা: চোৰাংচোৱাৰ সন্দেহত ২৫জন আদিবাসী লোকক নৃশংসভাৱে হত্যা মাওবাদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 7:22 am
WhatsApp Image 2020-10-11 at 6.42.55 AM

প্ৰতিনিধিত্বমূলক ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

একেলগে ২৫জন আদিবাসী লোকক নৃশংসভাৱে হত্যা কৰা হৈছে। ছত্তীশগড়ৰ বিজাপুৰত আৰক্ষীৰ চোৰাংচোৱাগিৰিৰ সন্দেহত এইদৰে মাওবাদীয়ে ২৫জন লোকক হত্যা কৰিছে।

এই নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ কথা তেওঁলোকে স্বীকাৰো কৰিছে। ইপিনে, এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি, বিজাপুৰ জিলাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। আৰক্ষীয়ে মাওবাদীৰ গোপন কাৰ্যকলাপৰ বিষয়ে জানিব পৰাৰ কথা গম পোৱাৰ পাছত গাঁৱৰ আদিবাসীসকলে আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰা তথা খৱৰ যোগান ধৰাৰ সন্দেহত তেওঁলোকক হত্যা কৰা হয়।

এনেদৰে হত্যা কৰাৰ পাছত নিজেই প্ৰেছ বিবৃতি দি  মাওবাদীসকলে এই ঘটনাৰ কথা স্বীকাৰ কৰিছে।

দণ্ডকাৰণ্য বিশেষ মণ্ডল কমিটিৰ পৰা মাওবাদী নেতা বিকল্পই জাৰি কৰা প্ৰেছ বিবৃতিত কোৱা হৈছে যে এই আদিবাসীসকলে আৰক্ষীক মাওবাদীৰ খৱৰ যোগান ধৰাৰ ‘অপৰাধ’ কৰিছিল।

তেওঁলোকে ২৫জন লোকক বিশ্বাসঘাতক বুলি অভিহিত কৰি জানিবলৈ দিয়ে যে এই ২৫জনৰ ভিতৰত ১২জন আছিল গোপন এজেন্ট, ৮জন আৰক্ষীৰ চোৰাংচোৱা আৰু বাকী ৫জনে মুলসুঁতিলৈ ঘুৰি অহাৰ চেষ্টা কৰিছিল। সেয়েহে, তেওঁলোকক গণ-আদালত বহাই শাস্তি দিয়া হয়।

মাওবাদীসকলে অৱশ্যে কেতিয়া এই ঘটনা সংঘটিত কৰিছে সেইকথা বিবৃতিত উল্লেখ কৰা নাই।

সূত্ৰসমূহৰ মতে, ছেপ্টেম্বৰৰ শেষৰ পিনে কোনো এটা দিনত এই অপাৰেশ্যন চলোৱা হৈছিল।

তেলেংগানাৰ ভদ্ৰদী কোথাগুদম জিলাৰ আৰক্ষী প্ৰশাসনে জানিবলৈ দিয়া মতে চোৰাংচোৱাৰ তথ্য অনুসৰি মাওবাদীসকলে বাট্টাগুদা, কানৱয়াৰগাট্টা, পুছুবাকা, গংগালুৰকে ধৰি বিভিন্ন গাঁৱত অপাৰেশ্যন চলাই ১৬জন গাঁৱবাসীক হত্যা কৰিছে।

মাওবাদীৰ মুখপাত্ৰ বিকল্পই এই আদিবাসীসকলে ভিজ্জা আৰক্ষীৰ এজেন্ট হিচাপে কাম কৰাৰ অভিযোগ তুলি তেওঁলোকৰ কামে মাওবাদীৰ বহু ক্ষতি কৰিছে বুলি জনায়। দলৰ সভাৰ বহু গোপন তথ্য চাৰিবাৰকৈ ভিজ্জা আৰক্ষীক দিয়াৰো অভিযোগ কৰে।

বস্তাৰৰ আইজিপি সুন্দৰ, বিজাপুৰৰ আৰক্ষী অধীক্ষক কমলা লোকান কাশ্যপ আৰু আন আৰক্ষী বিষয়াই মিলি ২০২২ৰ ভিতৰত মাওবাদীসকলক নিৰ্মূল কৰাৰ পৰিকল্পনা কৰিছিল বুলি মাওবাদী নেতা বিকল্পই অভিযোগ কৰে।

মাওবাদীসকলে অভিযোগ কৰে যে এই ‘বিশ্বাসঘাতক’সকলৰ বাবে আৰক্ষীয়ে বেংক একাউন্ট খুলি দিছিল। আদিবাসীসকলৰ ওপৰত অত্যাচাৰ চলাই সেয়া মাওবাদীৰ ওপৰত জাপি দিয়াৰ অভিযোগত তুলি তাৰ বাবেই তেওঁলোকক শাস্তি দিয়া হৈছে বুলি সদৰী কৰিছে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd