২৫ বছৰীয়া বাওঁপন্থী শাসনক ওফৰাই ত্ৰিপুৰাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বিজেপিৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিলে বিপ্লৱ কুমাৰ দেৱে।
শুকুৰবাৰে আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানটোত বিপ্লৱ কুমাৰ দেৱক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল তথাগত ৰয়ে।
উল্লেখ্য যে ত্ৰিপুৰাৰ দশম গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰা বিপ্লৱ কুমাৰ দেৱৰ সৈতে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে বিজেপিৰ জনজাতীয় নেতা জিষ্ণু দেৱবাৰ্মাই। তদুপৰি ১০ গৰাকী মন্ত্ৰীয়েও একেলগে পদ আৰু গোপনীয়তাৰ শপত লয়।

আনহাতে বিগত ২০ বছৰ ধৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মাণিক সৰকাৰো শপত গ্ৰহণত উপস্থিত আছিল।
উল্লেখ্য যে ৰাজ্যখনত বিজেপিৰ জয়লাভৰ পাছত আজি অনুষ্ঠিত এই শপত গ্ৰহণ সমাৰোহক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা গৈছিল।
শুকুৰবাৰে পুৱাৰে পৰা বহু সহস্ৰাধিক বিজেপি কৰ্মকৰ্তাই গেৰুৱা পতাকা হাতত লৈ ভিৰ কৰিছিলহি আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত।
প্ৰধানমন্ত্ৰী মোডীৰ আগমণৰ বাবে কঠোৰ নিৰাপত্তা বেহুৰ মাজত সম্পন্ন শপত গ্ৰহণ অনুষ্ঠাটোৰ পৰাই ত্ৰিপুৰাত ৰাজনীতিৰ এক নতুন আৰু ইতিবাচক ধাৰা আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে বিজেপিৰ শীৰ্ষ সূত্ৰই।
আনহাতে ৰাজ্যখনৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ভিন্ন দল-সংগঠনে।





