• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দাবী কৰাৰ অধিকাৰ বিজেপিৰ আছে’; গৃহমন্ত্ৰী অমিত শ্বাহৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 9:56 am
Amit_Shah_PTI_Image
3.1k
VIEWS
Share on FacebookShare on Twitter

আইন শৃংখলাৰ পৰিস্থিতি অৱনতি হ’লে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বিচৰাৰ অধিকাৰ বিজেপিৰ আছে। এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

আৰোগ্য হৈ উঠাৰ পিছত কেবাটাও বিষয়ত নিজৰ মত ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা সাক্ষাৎকাৰত এইদৰে কয়।

শনিবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে অহা বছৰৰ বিধান সভাৰ নিৰ্বাচনত জয়ী হৈ পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিব।

লগতে তেওঁ এইবুলিও কয় যে আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিলে এটা সচেতন ৰাজনৈতিক দল হিচাপে বিজেপিৰ পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দাবী কৰাৰ অধিকাৰো আছে।

ইফালে লাডাখৰ ভাৰত-চীন সীমান্তকলৈও মুখ খুলিছে কেন্দ্ৰী গৃহমন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীৰ মতে লাডাখ সীমান্তৰ সমস্যা সমাধানৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টা হাতত ল’ব।

“আমি সতৰ্ক হৈ আছো, আমি আমাৰ এক ইঞ্জি ভূমিয়ো এৰি নিদিওঁ। আমাৰ প্ৰতিৰক্ষা বাহিনী আৰু নেতৃত্বই দেশৰ সাৰ্বভৌমত্ব আৰু সীমান্ত ৰক্ষা কৰবিলৈ সক্ষম।” সাক্ষাৎকাৰটো শ্বাহে কয়।

গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ।

ইফালে বিহাৰ নিৰ্বাচনকলৈও কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে, নিৰ্বাচনৰ পিছত নীতিশ কুমাৰেই পুনৰ বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব।

শ্বাহে দাবী কৰে যে, বিহাৰ নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ক্ষমতা দখল কৰিব।

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ বুলি মন্তব্য কৰি তেওঁ কয়, “আমি লক্ষ্য স্থিৰ কৰি লৈছো, আমি যুঁজ কৰিম আৰু পশ্চিমবংগত চৰকাৰ গঠন কৰিম।”

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd