মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে ৰাজধানী। প্ৰতিবাদস্থলীৰ মৰ্যাদা হেৰুৱাৰ পিছদিনাই পুনৰ দিল্লীৰ যন্তৰ মন্তৰত চিজেপিয়ে প্ৰতিবাদত নামে। ইয়াৰ বাবেই মঙলবাৰে পুৱা পুনৰ আটক কৰা হয় চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক।
মঙলবাৰে পুৱা চিজেপিৰ নেতা অৰ্থাৎ ককৰোচ জনতা পাৰ্টিয়ে হাতত ত্ৰিৰংগ লৈ গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ কৰে আৰু প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। দলটোত আছিল আহ্বায়ক সৌৰভ দাস আৰু মুখপাত্ৰ আশুতোষ ৰাংকা। চিজেপি আন্দোলনৰ আন এগৰাকী মুখ অজিংক শ্বিণ্ডেও উপস্থিত আছিল।
প্ৰাথমিক খবৰ অনুসৰি অনুমতি অবিহনে যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ অভিযোগত তেওঁলোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে। কেৱল তিনিওজন নেতাকে নহয়, দিল্লী আৰক্ষীয়ে আন কেইবাজনো চিজেপি কৰ্মী আৰু সমৰ্থককো আটক কৰিছে।
চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে যন্তৰ মন্তৰক প্ৰতিবাদস্থলী হিচাপে ‘ডি-ন’টিফাই’ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ।
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত দেখা গৈছে যে আজি পুৱা চিজেপিৰ নেতাই আৰক্ষীৰ বেৰিকেড ভাঙি লোহাৰ গেটত উঠি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। ভাৰত মাতা কি জয় আৰু ইনকিলাব জিন্দাবাদ শ্লোগান দি প্ৰতিবাদ আৰম্ভ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
তেওঁলোকে কোৱা শুনা যায় যে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ আন্দোলন হ’ব যন্তৰ মন্তৰৰ পৰা। আমাৰ প্ৰতিবাদৰ অধিকাৰত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে।’ আৰক্ষীয়ে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰি সৌৰভ দাস, আশুতোষ ৰাংকাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক তাৰ পৰাই আটক কৰে।
উল্লেখ্য যে সোমবাৰে গৃহ মন্ত্ৰালয়ে যন্তৰ মন্তৰক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰাই দিছিল। ইয়াৰ পৰিবৰ্তে কেন্দ্ৰই দিল্লীত প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু চিবিডি খেলপথাৰ নিৰ্দিষ্ট কৰি দিছে। দিল্লী আৰক্ষীৰ এই সিদ্ধান্তক লৈ বিতৰ্ক আৰম্ভ হৈছে।
দীৰ্ঘদিন ধৰি দেশৰ বিভিন্ন ৰাজনৈতিক দল, সামাজিক সংগঠন, নাগৰিক আন্দোলনৰ প্ৰতিবাদৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত যন্তৰ মন্তৰ। দুৰ্নীতি বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক আৰু ৰাজনৈতিক দাবীলৈকে ইয়াত বহু প্ৰতিবাদ সংঘটিত হৈছে। ফলত যন্তৰ মন্তৰক প্ৰতিবাদস্থলী হিচাপে মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তত প্ৰতিবাদকাৰী সুখী নহয়।
চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে যন্তৰ মন্তৰক প্ৰতিবাদস্থলীৰ মৰ্যাদাৰ পৰা আঁতৰাই দিলেও প্ৰতিবাদৰ অধিকাৰ বন্ধ কৰিব নোৱাৰি। তেওঁ কয়, এইবাৰ সমগ্ৰ দেশ যন্তৰ মন্তৰ হ’ব।
যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰাৰ অনুমতি বিচাৰি দিল্লী আৰক্ষীক ২৪ ঘণ্টাৰ সময়সীমা দিছিল চিজেপিয়ে। দলটোৰ সহযোগী আহ্বায়ক আশুতোষ ৰাংকাই কয় যে যদি আৰক্ষীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰতিবাদৰ তাৰিখ অৱগত কৰে তেন্তে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰিব। নহলে পুনৰ আন্দোলন আহ্বান কৰিব। তাৰ পিছতে আজিৰ এই পদক্ষেপ।
Cockroaches with the Tiranga sneaked into Jantar Mantar early this morning before they were picked up by Delhi Police.
@AshutoshRanka, @SauravDassss, @AjinkyaCJP along with other team members have been detained.
You cannot denotify the resistance, @narendramodi https://t.co/x7B40akCVO
— Abhijeet Dipke (@abhijeet_dipke) October 13, 2026
ইয়াৰ পূৰ্বে চিজেপিয়ে যোৱা ১০ অক্টোবৰত যন্তৰ মন্তৰত প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল।মূখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আয়োজন কৰা হৈছিল এই প্ৰতিবাদ। কিন্তু দিল্লী আৰক্ষীয়ে অনুমতি নিদিয়া আৰু কটকটীয়া নিৰাপত্তাৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হ’ব নোৱাৰিলে বহু প্ৰতিবাদকাৰী।
মুম্বাইৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পিছত চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে, সহ আহ্বায়ক আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক কৰি ৰখা হৈছিল। পিছত তেওঁলোকক মুকলি কৰি দিয়া হয়।


