• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত মৃত হাতী পোৱালি উদ্ধাৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 21, 2020 8:55 am
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলি সংৰক্ষিত বনাঞ্চলত মঙলবাৰে ৰাতিপুৱা এটি মৃত হাতী পোৱালি উদ্ধাৰ হয়।

মৃত হাতী পোৱালীটো উদ্ধাৰ হোৱাক লৈ ভাৰত-ভূটান সীমান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

উল্লেখ যোগ্য যে, বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত বিগত সময়চোৱাত চলা বন ধ্বংস যজ্ঞৰ ফলত বনৰীয়া হাতীৰ লগতে অন্যান্য বন্য জীৱজন্তুৰ বাসস্থান সংকুচিত হৈ আহিছে ইয়াৰ ফলত তীব্ৰ খাদ্য সংকটত পৰা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি জনাঞ্চলত প্ৰৱেশ কৰে।

বনৰীয়া হাতী আৰু মানুহৰ মাজত এইদৰে সংঘাত চলি আহিছে। এই সংঘাতৰ ফলস্বৰূপে জিলাখনৰ অকল তামুলপুৰ মহকুমাতেই বিগত ১৫ বছৰত কেইবাগৰাকী শিশু সহ শতাধিক লোকে প্ৰাণ হেৰুৱাইছ।

আনহাতে, এই সময়ছোৱাতে পোৱালি হাতীসহ ১৫ টাকৈ অধিক বনৰীয়া হাতীয়েও প্ৰাণ হেৰুৱাইছে ।

খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে পোৱালি সহ পাহাৰৰ নামি  দীৰ্ঘদিনে অৱস্থান কৰি আছে কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ  বগাজুলি বনাঞ্চলত।

বগাজুলি সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ থাকি সন্ধিয়া হলেই ১২৭ নং (ডি) তামুলপুৰ-ভূটান পথ অতিক্ৰম কৰি শশীপুৰ, খৈৰাণী, বিনোৱাপুৰ, পাহাৰপুৰ, মেনকা চাহ বাগিচা, এন কে আঙ্গাৰকাটাকে ধৰি বিভিন্ন গাঁৱত প্ৰৱেশ কৰি কৃষক ৰাইজে কপালৰ  ঘাঁম মাাটিত পেলাই কৰা ধান খেতি খাই-গছকি তহিলং কৰাৰ উপৰিও ঘৰ-দুৱাৰ, মূল্যবান গছ-গছনি আদি ভাঙি উপদ্ৰৱ চলাই আহিছে।

বৃহৎ বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱত মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ। হাতীৰ উপদ্ৰৱৰ বাবে নিশ্চিত দুৰ্ভিক্ষৰ কৱলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে ভাৰত-ভূটান সীমান্তৱৰ্তী  কৃষিজীৱী অঞ্চলটো।

ইপিনে হাতীৰ জাকটোৰ  লগত থকা এটি মাইকী বনৰীয়া হাতী ভৰিত আঘাতপ্ৰাপ্ত হোৱাত  বগাজুলি বনাঞ্চলতেই বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰা বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

মাইকী হাতীজনীয়ে কিবা কাৰণত ভৰিত আঘাত পোৱা বুলি প্ৰকাশ কৰে আৰু বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসা চলোৱা বুলি সদৰী কৰে।

মঙলবাৰে ৰাতিপুৱা  উদ্ধাৰ হোৱা মৃত হাতী পোৱালীটো এই মাইকী হাতীটোৱে প্ৰসৱ কৰা বুলি সদৰী কৰে।

মৃত হাতী পোৱালীটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে কুমাৰীকাটা আঞ্চলিক বন বিষয়ৰ কাৰ্যালয়ত খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোকে বগাজুলি সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ মৃত হাতী পোৱালীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ধৰ্মীয় নীতিৰে সমাধিষ্ঠ কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd