ক’ৰ’ণাতংকৰ মাজতে উত্তৰ ভাৰতৰ লগতে দেশৰ আন বহু ৰাজ্যত এতিয়া পূজাৰ আনন্দৰ লহৰ উঠিছে।
কোভিড প্ৰট’কল মানি দেশবাসী সাজু হৈছে অনুষ্টুপীয়াকৈ হ’লেও দুৰ্গতিনাশিনীক আদৰিবলৈ।
এনে সময়তে দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI-এ বেংকটোৰ গৃহ ঋণ লোৱা গ্ৰাহকসকলৰ বাবে ঘোষণা কৰিছে এক বৃহৎ অফাৰ ।
সেই মৰ্মে SBI ৰ পৰা গৃহ ঋণ লোৱা সকলে উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে বেংকটোৰ উৰ্ধতন কৰ্তৃপক্ষই।
SBI-এ ঘোষণা কৰা অনুসৰি বেংকটোৰ পৰা ৭৫ লাখতকৈ অধিক টকাৰ গৃহ ঋণ লোৱাসকলে সুদৰ হাৰৰ ক্ষেত্ৰত ২৫ বেছিচ পয়েণ্ট ৰেহাই পাব।
এই ক্ষেত্ৰেত গৃহ ঋণ লোৱা গ্ৰাহকৰ CIBIL স্কোৰৰ ওপৰত ভিত্তি কৰি আৰু গ্ৰাহকে বেংকৰ ডিজিটেল লেণ্ডিং প্লেটফৰ্ম YONO ৰ জৰিয়তে ঋণৰ বাবে আবেদন কৰিছিল নেকি আদি কথাৰ ওপৰত ভিত্তি কৰি গৃহ ঋণৰ গ্ৰাহকক এই বৃহৎ সকাহ প্ৰদান কৰা হ’ব।
গৃহ ঋণ লোৱা মহিলা গ্ৰাহকৰ ক্ষেত্ৰত অতিৰিক্ত ৫ বেছিচ পয়েণ্টৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।
৩০ লাখৰ পৰা ২ কোটি টকা পৰ্যন্ত গৃহ ঋণৰ ক্ষেত্ৰত পূৰ্বৰ ১০ বেছিচ পয়েণ্টৰ ঠাইত এইবাৰ ২০ বেছিচ পয়েণ্ট ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।
দেশৰ ৮ খন মেট্ৰ’ চিটিত ৩ কোটি টকা পৰ্যন্ত গৃহ ঋণ লোৱা গ্ৰাহকৰ ক্ষেত্ৰতো একে ৰেহাই ঘোষণা কৰিছে SBI-এ।
SBI-এ কৰা এনে নতুন ঘোষণাৰ ফলত এতিয়া ৩০ লাখলৈ গৃহ ঋণ লোৱা সকলে আদায় দিবলগীয়া সুদৰ হাৰ ৬.৯ শতাংশলৈ হ্ৰাস পাব আৰু ৩০ লাখৰ ওপৰৰ গৃহ ঋণৰ বাবে সুদ হ্ৰাস পাব ৭ শতাংশলৈ।
গৃহ ঋণৰ গ্ৰাহকলৈ আগবঢ়োৱা এই সুবিধা সম্পৰ্কত মন্তব্য কৰি SBI-ৰ ৰিটেইল আৰু ডিজিটেল বেংকিঙৰ পৰিচালন সঞ্চালক চি এছ ছেট্টীয়ে কয় যে উৎসৱৰ বতৰত গ্ৰাহকে লাভ কৰা এনে ৰেহাইয়ে গ্ৰাহকসকলক উপকৃত কৰাৰ লগতে উৎসাহিতও কৰি তুলিব।