• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৫খন পতাকা উত্তোলনেৰে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

কিতাপ বুলি ক'লে এক জাগৰণৰ সৃষ্টি হয়: ড৹ নন্দ সিং বৰকলা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 23, 2020 6:10 pm
IMG-20201023-WA0091
2.9k
VIEWS
Share on FacebookShare on Twitter

 “পুতলা পিষ্টলৰ সলনি আপোনাৰ সন্তানক এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে ১৯৯৬ চনত নগাঁৱৰ পুৰণিগুদামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে।

ক’ৰোণা মহামাৰীৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি আজি ২৫খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও এইবাৰ ক’ৰোণা মহামাৰীৰ বাবে গ্ৰন্থ মেলাখন পুৰণিগুদাম প্ৰেছ ক্লাৱে বাতিল কৰিছে।

১৯৯৬ চনতে প্ৰকৃতিপ্ৰেমী সংগঠন মাইহাঙ গোষ্ঠী আৰু শৰ্মা বুক এম্পৰিয়ামৰ উদ্যোগত আয়োজিত গ্ৰন্থ মেলাখনি ২০০৮ চনৰ পৰা পুৰণিগুদাম প্ৰেছ ক্লাৱে দ্বায়িত্বভাৰ শিৰ পাতি লৈ প্ৰতিবছৰে নিৰন্তৰভাবে আয়োজন কৰি আহিছে।

এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া গ্ৰন্থমেলা খনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত শুক্ৰবাৰে গ্ৰন্থ মেলাৰ মূল পতাকা খন বিশিষ্ট সাহিত্যিক, কবি তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই উত্তোলন কৰাৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ পতাকা খনি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই উত্তোলন কৰে।

গ্ৰন্থমেলাৰ মূল পতাকা খন ড৹ নন্দসিং বৰকলাই উত্তোলন কৰি ভাষন প্ৰসংগত গ্ৰন্থ আমাৰ আত্মা আৰু কিতাপ বুলি ক’লে এক জাগৰণৰ সৃষ্টি হয় বুলি মন্তব্য কৰাৰ লগতে “ই” কিতাপ সন্দৰ্ভত এখন কিতাপ হাতত লৈ গছৰ তলত বহি কৰা অধ্যয়নৰ গুৰুত্ব “ই” কিতাপে কেতিয়াও লব নোৱাৰে  বুলি উল্লেখ্ কৰে।

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি কুলপ্ৰদীপ দাস আৰু পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক নয়ণমণি বৰাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্যিক ড৹ নন্দ সিং বৰকলাই পুৰণিগুদাম প্ৰেছ ক্লাৱে পূজাৰ বতৰত শিশুৰ মনস্তাত্বিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰি অহা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা এক মহান কাম বুলি উল্লেখ কৰে।

আনহাতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ দৰে অসমৰ প্ৰতিটো সাংবাদিক সংগঠনে এনেধৰণৰ কাৰ্য্যসূচী হাতত লোৱা উচিত বুলি মন্তব্য কৰে। ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে আয়োজিত কাৰ্যসূচীত প্ৰাক্ ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি মণিমাধৱ মহন্ত, সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী, সমাজকৰ্মী পূৰ্ণানন্দ ভূঞা, প্ৰফুল্ল শইকীয়া, ড৹ বি.কে.বি. মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৃপেন চন্দ্ৰ দাস, সমাজকৰ্মী দীপেন বৈৰাগী, জ্যোতিৰ্ময় গোস্বামী, যোগেন শৰ্মা, নিহাৰ শইকীয়া, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক গুৰমাইল সিঙ, বিশিষ্ট জ্যেষ্ঠ সাংবাদিক মুনীন্দ্ৰ শইকীয়া, শিল্পী কানু গোস্বামী, ৰাজেন গোহাঁই, মহেন্দ্ৰ বৰা, চিত্তৰঞ্জন বৰা, খগেন গায়নকে প্ৰমুখ্য কৰি পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গণ্য মান্য ২৫ জন ব্যক্তিয়ে ২৫ খন পতাকা উত্তোলন কৰে।

উল্লেখ্য যে, পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচীত বিশেষ ভূমিকা গ্ৰহণ কৰে। আনহাতে আজি ৰূপালী জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে বছৰযোৰা কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সম্পাদক ধ্ৰুৱজ্যোতি গায়নে জানিবলৈ দিয়ে।

ইয়াৰোপৰি পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ উপলক্ষ্যে আয়োজিত অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল সমূহ শুক্ৰবাৰে সন্ধিয়াৰ ভাগত প্ৰেছ ক্লাৱৰ সাধাৰণ সভাত ঘোষণা কৰা হয়।

অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা “ক” শাখাত প্ৰথম মৃগাংক শইকীয়া, দ্বিতীয় বিশালক্ষী শৰ্মা আৰু ৰেখাঙ্কনা বড়ো, তৃতীয় সুকন্যা শইকীয়া আৰু প্ৰণয় প্ৰতিম গায়ন, বিচাৰকৰ উদগনি মূলক বঁটা ক্ৰমে ৰিদিশা বৰা, হৰ্ষিতা হাজৰিকা, নিচুকনি পুৰস্কাৰ দৃষ্টিপ্ৰিয়া বৰা, সিদ্ধিতা শইকীয়া, সুদৰ্শন বৰা, গায়ত্ৰী কলিতা, ৰাজনন্দিনী মেধি, প্ৰাপ্তিলিকা বৰা, অলংকৃতা শইকীয়া আৰু স্প্ৰধা শইকীয়াই লাভ কৰাৰ পৰিবৰ্তে “খ” শাখাত প্ৰথম সুদর্শনা বৰা, দ্বিতীয় দিশা কলিতা তৃতীয় হৰ্ষিত কুমাৰ ৰাজখোৱা, বিচাৰকৰ উদগনি মূলক বঁটা স্পন্দন কৌশিক, গুণগুণ কাশ্যপ, গাৰ্গী ভূঞা, নিষিগন্ধা বৰা আৰু ভাগ্যজ্যোতি কলিতাই লাভ কৰে।

উল্লেখ্য যে, বিজয়ী প্ৰতিযোগী সকললৈ পুৰণিগুদাম প্ৰেছ ক্লাৱে ডাক যোগে বঁটা সমূহ পঠিয়াব বুলি জানিবলৈ দিয়ে প্ৰেছ ক্লাৱৰ সভাপতি/সম্পাদকে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd