• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫খন পতাকা উত্তোলনেৰে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

কিতাপ বুলি ক'লে এক জাগৰণৰ সৃষ্টি হয়: ড৹ নন্দ সিং বৰকলা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 23, 2020 6:10 pm
IMG-20201023-WA0091
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 “পুতলা পিষ্টলৰ সলনি আপোনাৰ সন্তানক এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে ১৯৯৬ চনত নগাঁৱৰ পুৰণিগুদামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে।

ক’ৰোণা মহামাৰীৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি আজি ২৫খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও এইবাৰ ক’ৰোণা মহামাৰীৰ বাবে গ্ৰন্থ মেলাখন পুৰণিগুদাম প্ৰেছ ক্লাৱে বাতিল কৰিছে।

Apply Now

১৯৯৬ চনতে প্ৰকৃতিপ্ৰেমী সংগঠন মাইহাঙ গোষ্ঠী আৰু শৰ্মা বুক এম্পৰিয়ামৰ উদ্যোগত আয়োজিত গ্ৰন্থ মেলাখনি ২০০৮ চনৰ পৰা পুৰণিগুদাম প্ৰেছ ক্লাৱে দ্বায়িত্বভাৰ শিৰ পাতি লৈ প্ৰতিবছৰে নিৰন্তৰভাবে আয়োজন কৰি আহিছে।

এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া গ্ৰন্থমেলা খনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত শুক্ৰবাৰে গ্ৰন্থ মেলাৰ মূল পতাকা খন বিশিষ্ট সাহিত্যিক, কবি তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই উত্তোলন কৰাৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ পতাকা খনি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই উত্তোলন কৰে।

গ্ৰন্থমেলাৰ মূল পতাকা খন ড৹ নন্দসিং বৰকলাই উত্তোলন কৰি ভাষন প্ৰসংগত গ্ৰন্থ আমাৰ আত্মা আৰু কিতাপ বুলি ক’লে এক জাগৰণৰ সৃষ্টি হয় বুলি মন্তব্য কৰাৰ লগতে “ই” কিতাপ সন্দৰ্ভত এখন কিতাপ হাতত লৈ গছৰ তলত বহি কৰা অধ্যয়নৰ গুৰুত্ব “ই” কিতাপে কেতিয়াও লব নোৱাৰে  বুলি উল্লেখ্ কৰে।

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি কুলপ্ৰদীপ দাস আৰু পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক নয়ণমণি বৰাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্যিক ড৹ নন্দ সিং বৰকলাই পুৰণিগুদাম প্ৰেছ ক্লাৱে পূজাৰ বতৰত শিশুৰ মনস্তাত্বিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰি অহা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা এক মহান কাম বুলি উল্লেখ কৰে।

আনহাতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ দৰে অসমৰ প্ৰতিটো সাংবাদিক সংগঠনে এনেধৰণৰ কাৰ্য্যসূচী হাতত লোৱা উচিত বুলি মন্তব্য কৰে। ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে আয়োজিত কাৰ্যসূচীত প্ৰাক্ ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি মণিমাধৱ মহন্ত, সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী, সমাজকৰ্মী পূৰ্ণানন্দ ভূঞা, প্ৰফুল্ল শইকীয়া, ড৹ বি.কে.বি. মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৃপেন চন্দ্ৰ দাস, সমাজকৰ্মী দীপেন বৈৰাগী, জ্যোতিৰ্ময় গোস্বামী, যোগেন শৰ্মা, নিহাৰ শইকীয়া, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক গুৰমাইল সিঙ, বিশিষ্ট জ্যেষ্ঠ সাংবাদিক মুনীন্দ্ৰ শইকীয়া, শিল্পী কানু গোস্বামী, ৰাজেন গোহাঁই, মহেন্দ্ৰ বৰা, চিত্তৰঞ্জন বৰা, খগেন গায়নকে প্ৰমুখ্য কৰি পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গণ্য মান্য ২৫ জন ব্যক্তিয়ে ২৫ খন পতাকা উত্তোলন কৰে।

উল্লেখ্য যে, পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচীত বিশেষ ভূমিকা গ্ৰহণ কৰে। আনহাতে আজি ৰূপালী জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে বছৰযোৰা কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সম্পাদক ধ্ৰুৱজ্যোতি গায়নে জানিবলৈ দিয়ে।

ইয়াৰোপৰি পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ উপলক্ষ্যে আয়োজিত অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল সমূহ শুক্ৰবাৰে সন্ধিয়াৰ ভাগত প্ৰেছ ক্লাৱৰ সাধাৰণ সভাত ঘোষণা কৰা হয়।

অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা “ক” শাখাত প্ৰথম মৃগাংক শইকীয়া, দ্বিতীয় বিশালক্ষী শৰ্মা আৰু ৰেখাঙ্কনা বড়ো, তৃতীয় সুকন্যা শইকীয়া আৰু প্ৰণয় প্ৰতিম গায়ন, বিচাৰকৰ উদগনি মূলক বঁটা ক্ৰমে ৰিদিশা বৰা, হৰ্ষিতা হাজৰিকা, নিচুকনি পুৰস্কাৰ দৃষ্টিপ্ৰিয়া বৰা, সিদ্ধিতা শইকীয়া, সুদৰ্শন বৰা, গায়ত্ৰী কলিতা, ৰাজনন্দিনী মেধি, প্ৰাপ্তিলিকা বৰা, অলংকৃতা শইকীয়া আৰু স্প্ৰধা শইকীয়াই লাভ কৰাৰ পৰিবৰ্তে “খ” শাখাত প্ৰথম সুদর্শনা বৰা, দ্বিতীয় দিশা কলিতা তৃতীয় হৰ্ষিত কুমাৰ ৰাজখোৱা, বিচাৰকৰ উদগনি মূলক বঁটা স্পন্দন কৌশিক, গুণগুণ কাশ্যপ, গাৰ্গী ভূঞা, নিষিগন্ধা বৰা আৰু ভাগ্যজ্যোতি কলিতাই লাভ কৰে।

উল্লেখ্য যে, বিজয়ী প্ৰতিযোগী সকললৈ পুৰণিগুদাম প্ৰেছ ক্লাৱে ডাক যোগে বঁটা সমূহ পঠিয়াব বুলি জানিবলৈ দিয়ে প্ৰেছ ক্লাৱৰ সভাপতি/সম্পাদকে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd