দুৰ্গা পূজাৰ আনন্দৰ মাজতে আজি অসমত পুনৰ দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হয়।
ইয়াৰ ফলত অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০৮ গৰাকীলৈ বৃদ্ধি পায়।
আজি কোভিডৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- কামৰূপ মহানগৰ জিলাৰ ৰমণী শৰ্মা (৫৪) আৰু মৃণালকান্তি সিনহা (৫৭)।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰি ক’ৰ’নাৰ সংক্ৰমণত মৃত্যু হোৱা ব্যক্তি দুগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
আনহাতে, আজি ৰাজ্যত নতুনকৈ ২১৫ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। মুঠ ১৪২২৫ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত এইসকল লোক কোভিড প’জিটিভ হয়।
ৰাজ্যত আজি ২৮৩২ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হয়। ইয়াৰ ফলত অসমত আৰোগ্যৰ হাৰ ৯২.২৬ শতাংশলৈ বৃদ্ধি পায়।
অসমত মুঠ ২০৪৩৮৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ১৮৮৫৮৪ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।
বৰ্তমান ৰাজ্যত মুঠ ১৪৮৯১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।