• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ মাদ্ৰাছাত ভয়ংকৰ বিস্ফোৰণ; ৭ জনৰ মৃত্যু, ৭০ জন আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 3:39 pm
229
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ খাইবৰ পাখটুনখা অঞ্চলৰ এখন মাদ্ৰাছাৰ ভিতৰত আজি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটোত সাত গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি ৭০ গৰাকী আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

পেছাৱৰ চহৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৱকাৰ আহমদে সংবাদ মাধ্যমক জনোৱা অনুসৰি কেইজনমান সন্ত্ৰাসবাদীয়ে মাদ্ৰাছাৰ ভিতৰত প্ৰৱেশ কৰি বিস্ফোৰণটো সংঘটিত কৰে।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণটো আজি ৰাতিপুৱা প্ৰায় ৮ মান বজাত সংঘটিত হয়।

বিস্ফোৰণৰ সময়ত মাদ্ৰাছাৰ ভিতৰত ভালে সংখ্যক ছাত্ৰ উপস্থিত আছিল আৰু তেওঁলোকৰ নিয়মীয়া পাঠদান চলি আছিল।

মাদ্ৰাছা কৰ্তৃপক্ষই জনোৱা অনুসৰি বিস্ফোৰণৰ সময়ত শ্ৰেণীকোঠাত প্ৰায় ২২ বছৰৰ পৰা ২৮ বছৰীয়া কেইবাজনো ছাত্ৰ উপস্থিত আছিল।

ভয়াৱহ বিস্ফোৰণৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত মৃত লোক কেইজনৰ লগতে আহত লোকসকলকো উদ্ধাৰ কৰে।

জানিব পৰা মতে আঘাতপ্ৰাপ্ত কেইবাজনো লোকৰ অৱস্থা বৰ্তমান সংকটজনক।

ইফালে প্ৰধান মন্ত্ৰী ইমৰান খানে বিস্ফোৰণৰ ঘটনাক অত্যন্ত দুখজনক আখ্যা দি এটা টুইট কৰে। তেওঁ টুইটোত কয়, ‘পেছাৱৰৰ মাদ্ৰাছাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণত মৃত্যুক আকোৱালি লোৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্ত লোকসকলৰ সুস্বাস্থ্য কামনা কৰিছো’।

এই বৰ্বৰ আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদী কেইজনক শাস্তি প্ৰদান কৰিব বুলিও দেশবাসীক আশ্বাস প্ৰদান কৰে প্ৰধান মন্ত্ৰী ইমৰান খানে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd