• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2026 6:00 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অমৃতপ্ৰভা মহন্তই কেনেকৈ জামিন পালে?’ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পাছতে এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

সোমবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোচৰটোৰ তদন্ত, অভিযোগনামা আৰু জামিনৰ সিদ্ধান্তক লৈ থকা সন্দেহসমূহৰ উত্তৰ বিচাৰে গৰিমাই।

Apply Now

জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শিল্পীগৰাকীৰ অসংখ্য অনুৰাগী একত্ৰিত হয়। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায়সংগত তদন্ত আৰু দোষীৰ শাস্তিৰ দাবীৰে এই কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল। ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁয়ে অনুৰাগী আৰু সাধাৰণ ৰাইজক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। গৰিমা শইকীয়া গাৰ্গেও সামাজিক মাধ্যমযোগে শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান জনাইছিল।

প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ আগত গৰিমাই কয় যে আইনৰ সকলো দিশৰ বিষয়ে তেওঁৰ বিশেষ জ্ঞান নাই। আইনে নিজৰ পথ অনুসৰণ কৰিব, কিন্তু তেওঁৰ মূল দাবী হৈছে ন্যায়। অভিযুক্তই জামিন লাভ কৰিলে ন্যায়ৰ অৰ্থ কি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। জুবিন গাৰ্গৰ দৰে শিল্পীৰ মৃত্যুৰ ঘটনাত যদি ন্যায় আৰু দায়বদ্ধতা নিশ্চিত নহয়, তেন্তে অসমৰ ৰাইজেও নিজকে পৰাজিত অনুভৱ কৰিব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে।

কেৱল জামিনৰ বিষয়টোৱেই নহয়, গোচৰটোৰ অভিযোগনামাক লৈও প্ৰশ্ন উত্থাপন কৰে গৰিমাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ পাছত পৰিয়াল আৰু অনুৰাগীসকলৰ মাজত তদন্তৰ পৰা যথেষ্ট তথ্য-প্ৰমাণ ওলাই আহিব বুলি আশা কৰা হৈছিল বুলি তেওঁ কয়। কিন্তু বৰ্তমানৰ পৰিস্থিতিত অভিযোগনামাত কোনো সুৰুঙা ৰৈ গ’ল নেকি, সেই সন্দেহো প্ৰকাশ কৰে গৰিমাই। অমৃতপ্ৰভা মহন্তই প্ৰস্তুত কৰা বুলি কোৱা ভিডিঅ’বোৰৰ যথাযথ পৰীক্ষা কৰা হৈছিলনে, সেইবোৰৰ কোনো সালসলনি কৰা হৈছিল নেকি, সেই বিষয়তো প্ৰশ্ন উত্থাপন কৰে তেওঁ।

উল্লেখযোগ্য যে যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সহ-শিল্পী অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰে। এই গোচৰত জামিন লাভ কৰা তেওঁ মূল অভিযুক্তসকলৰ ভিতৰত প্ৰথমগৰাকী। ৫০ হাজাৰ টকাৰ জামিননামা আৰু একে পৰিমাণৰ ধনৰ দুজন জামিনদাৰৰ চৰ্তত তেওঁক জামিন দিয়া হয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিশেষ ৰাজহুৱা অধিবক্তা জিয়াউল কামাৰে জনোৱা অনুসৰি, সেই সময়লৈকে জামিনৰ নিৰ্দেশৰ বিস্তৃত কাৰণসমূহ তেওঁলোকৰ হাতত পৰা নাছিল।

অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি অমৃতপ্ৰভা মহন্তসহ কেইবাগৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ বিৰুদ্ধে হত্যা, ষড়যন্ত্ৰ, উমৈহতীয়া উদ্দেশ্য আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগ আছে। অৱশ্যে জামিন লাভ কৰাৰ অৰ্থ দোষমুক্ত হোৱা নহয়; গোচৰটোৰ বিচাৰ এতিয়াও চলি আছে আৰু অভিযোগসমূহ আদালতত প্ৰমাণিত হ’বলৈ বাকী।

ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি অসমৰ সকলো শ্ৰেণীৰ লোকক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে গৰিমাই। প্ৰতিবাদ আৰু সামাজিক মাধ্যমৰ অভিযান শান্তিপূৰ্ণভাৱে অব্যাহত ৰখাৰ আহ্বান জনাই তেওঁ কয় যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ সত্য উন্মোচন আৰু দায়বদ্ধতা নিশ্চিত কৰাটোৱেই পৰিয়াল তথা অনুৰাগীসকলৰ মূল লক্ষ্য। অমৃতপ্ৰভা মহন্তৰ জামিনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰশ্ন আৰু গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াই এতিয়া অসমৰ ৰাজহুৱা চৰ্চাত বিশেষ গুৰুত্ব লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd