• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান পুনৰ আৰম্ভ কৰা সন্দৰ্ভত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 8:22 pm
811
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ আতংকৰ বাবে বিগত সাতমাহৰো অধিক কাল ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত আলোচনাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষা, স্বাস্থ্য আদি বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এক প্ৰজেষ্টেশ্যনযোগে বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে প্ৰস্তুত কৰা সুনিৰ্দিষ্ট কাৰ্য্যবিধিৰ বিষয়ে বিস্তৃতভাৱে মুখ্য মন্ত্ৰীক অৱগত কৰে।

কেইবাটাও গুৰুত্বপূৰ্ণ দিশত এই বিধিৰ সংশোধন কৰাৰ লগতে শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ দিশত কোভিড বিধি কঠোৰভাৱে মানি চলাটো সুনিশ্চিত কৰিবলৈ সোণোৱালে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

শ্ৰেণীসমূহ পুৱাবেলা যথাসম্ভৱ সোনকালে আৰম্ভ কৰিবলৈ, শিক্ষাৰ্থীৰ দুটা দলৰ অহা আৰু যোৱা সময়ৰ মাজত উপযুক্ত ব্যৱধান ৰাখিবলৈ তথা শ্ৰেণীকোঠা, প্ৰস্ৰাৱগাৰ আদিৰ নিয়মীয়া আৰু উপযুক্ত পৰিচ্ছন্নতা সুনিশ্চিত কৰাৰ দিশত মুখ্য মন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।

ছাত্ৰ-ছাত্ৰীৰ মন আনুষ্ঠানিক পাঠদান প্ৰক্ৰিয়াৰ মাজলৈ পুনৰ ঘুৰাই অনাৰ বাবে পাঠদানৰ প্ৰথম মাহটোত তেওঁলোকক দৃশ্য-শ্ৰাব্য ব্যৱস্থা, কাহিনী কথন আদি আকৰ্ষণীয় পদ্ধতিৰ আশ্ৰয় ল’বলৈ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত কোভিড-১৯ সন্দৰ্ভত সজাগত সৃষ্টি কৰা তথা এই মহামাৰীক নিয়ন্ত্ৰণলৈ অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰাৰ ব্যৱস্থা ল’বলৈও মুখ্য মন্ত্ৰী সোণোৱালে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

ছাত্ৰ-ছাত্ৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ বাবে তেওঁলোকক আইৰণ আৰু ফলিক এচিডৰ বড়ি যোগান ধৰা, নিয়মীয়া যোগাভ্যাসৰ প্ৰশিক্ষম দিয়া তথা নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে।

বিদ্যালয়সমূহত স্থাপন কৰা কোভিড কেয়াৰ কেন্দ্ৰ সমূহ শীঘ্ৰে স্থানান্তৰ কৰিবলৈ তথা যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে প্ৰতিখন বিদ্যালয়ৰ লগতে একোখনকৈ স্বাস্থ্য কেন্দ্ৰক সমন্বিতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বৈঠকত উপস্থিত থকা স্বাস্থ্য বিভাগৰ কৰ্ম-কৰ্তাসকলক নিৰ্দেশ দিয়ে।

পৰিৱৰ্তিত পৰিস্থিতিত শিক্ষাদানৰ পাৰম্পৰিক পদ্ধতিৰ লগতে ডিজিটেল মাধ্যমৰ অপৰিহাৰ্য্যতাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগ্য পাঠ গ্ৰহণ কৰিব পৰা স্মাৰ্টফোনৰ দৰে সঁজুলি নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ অভিভাৱকসকলক তেনে সঁজুলি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে আজি শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, শিক্ষা বিভাগে প্ৰস্তত কৰা সুনিৰ্দিষ্ট কাৰ্য্যবিধি অনুসৰি অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ ষষ্ঠ শ্ৰেণীৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক পাঠদান আৰম্ভ হ’ব।

ষষ্ঠ, সপ্তম, নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোম, বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে অষ্টম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙল, বৃহস্পতি আৰু শনিবাৰে হ’ব।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd