• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্ণৱক গ্ৰেপ্তাৰ কৰাক লৈ বিজেপিৰ মন্ত্ৰী-নেতাই দেখুওৱা ক্ষোভ লজ্জাজনক : কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 12:50 pm
437
VIEWS
Share on FacebookShare on Twitter

সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি নেতাসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰা প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে কংগ্ৰেছৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গোস্বামীৰ গ্ৰেপ্তাৰৰ পিছৰে পৰা বিজেপি নেতাসকলে যিদৰে আক্ৰোশ আৰু খং দেখুৱাইছে সেয়া অত্যন্ত লজ্জাজনক।

তেওঁৰ গ্ৰেপ্তাৰৰ ঘটনাটো আইনে সুবিচাৰ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

“মই আচৰিত যে চৰকাৰৰ ওপৰত বহি থকা লোকসকলৰ ক্ষোভ অতি নিৰ্বাচিত। যেতিয়া উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত নিমখ আৰু ৰুটি খোৱা লোকসকলৰ বাতৰি প্ৰকাশ কৰাৰ বাবে এজন সাংবাদিকক মাহৰ বাবে জেলত ৰখা হয়, যেতিয়া দেশদ্ৰোহৰ অভিযোগত সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া তেওঁলোকে এই আক্ৰোশ কিয় নেদেখুৱায়?’, এইদৰে প্ৰশ্ন কৰে সুপ্ৰিয়াই।

তেওঁ লগতে কয়, ‘আমি আজি যিগৰাকী সাংবাদিকৰ কথা আলোচনা কৰি আছো তেওঁ সাংবাদিকতাক উপমা কৰিছে। তেওঁ বিজেপিৰ হৈ কাম কৰি আছে’।

তেওঁ লগতে কয় যে কংগ্ৰেছ শাসিত ৰাজ্যত কাৰো সৈতে কোনো ধৰণৰ অন্যায় নহ’ব আৰু আইনে ইয়াৰ কাম কৰিব।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে এগৰাকী ৫৩ বছৰীয়া ইণ্টেৰিয়ৰ ডিজাইনাৰক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত বুধবাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰকে ধৰি বিজেপিৰ কেইবাজনো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে অৰ্ণৱৰ গ্ৰেপ্তাৰৰ ঘটনাক গৰিহনা জনাইছে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd