• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লা মাফিয়াৰে সংবাদ মাধ্যম, আৰক্ষী আৰু কংগ্ৰেছী নেত্ৰীৰ সঁচাকৈয়ে আছে নেকি সংযোগ?

সংবাদ মাধ্যম আৰু কয়লা মাফিয়া: চিবিআই নাইবা ইডিৰ তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ বিশ্বজিত নাথৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2020 4:14 pm
Biswajit Nath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাৰ মুহূৰ্ততে হোৱেটছএপৰ জৰিয়তে ভাইৰেল হৈছিল এখন ‘গোপনীয়’ পত্ৰ। যি পত্ৰত স্পষ্ট হৈ পৰিছিল কয়লা মাফিয়াৰে সংবাদ মাধ্যম, আৰক্ষী আৰু কংগ্ৰেছী নেত্ৰীৰ সংযোগ।

এক পৃষ্ঠাৰ ধন বিতৰণৰ এখন মিডিয়া পেমেন্ট নামৰ এখন ‘গোপন তালিকা’ত অসমৰ কেইবাটাও ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে কয়লা কঢ়িওৱা ট্ৰাকৰ মালিকৰ পৰা কোটি-কোটি টকাৰ লেন-দেন কৰা বুলি উল্লেখ আছিল।

Apply Now

এই পত্ৰ ভাইৰেল হোৱাৰ পাছত শুকুৰবাৰে অৰ্থাৎ ১৩ নৱেম্বৰৰ দিনা প্ৰধান মন্ত্ৰীলৈ চিঠি লিখি ইয়াৰ এক উচিত তদন্ত দাবী কৰে গুৱাহাটীৰ এগৰাকী সাংবাদিক বিশ্বজিৎ নাথে।

‘পত্ৰখন হোৱেটছএপ নাইবা ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছত বা দুটাকৈ সংবাদ প্ৰতিষ্ঠানত বাতৰি প্ৰকাশ পোৱাৰ পাছত পত্ৰখনত নাম উল্লেখ থকা সংবাদ প্ৰতিষ্ঠানে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগিছিল। কিন্তু কোনো সংবাদ মাধ্যমে নিজৰ স্থিতি স্পষ্ট নকৰিলে।‘ বিশ্বজিৎ নাথে আমাৰ সাংবাদিকৰ আগত কয়।

অৱশ্যে, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে স্পষ্টীকৰণ দিছিল বুলি তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয় ‘সমগ্ৰ বিষয়টো এতিয়া সন্দেহজনক হৈ পৰিছে। খবৰ পোৱা অনুৰি মেঘালয়ৰ লিন্দা নামৰ কংগ্ৰেছ নেত্ৰী এগৰাকীৰো নাম আছে। ৰাজনৈতিক নেতা, সংবাদ মাধ্যম আৰু কয়লা মাফিয়াৰ নেক্সাছটো কি সেয়া জনাটো খুবেই প্ৰয়োজন।’

সেয়েহে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি চিবিআই, ইডি বা নিয়া ইত্যাদি তদন্তকাৰী সংস্থাৰ জৰিয়তে এক উচিত তদন্ত কৰিব লাগে বুলি দাবী জনোৱাৰ কথা আমাৰ সাংবাদিকৰ আগত কয়।

‘অসমত এতিয়াও ১ শতাংশও দুৰ্নীতিৰ লগত জড়িত নথকা বহু সাংবাদিক আছে। তেওঁলোকৰ লগতে সংবাদ সম্প্ৰদায়ৰ ওপৰত কালিমা সানিছে।‘ এইদৰে কয় নাথে।

উল্লেখযোগ্য যে, ‘গোপনীয়’ পত্ৰখন  ভাইৰেল হোৱাৰ পাছত Organizer.org এ বাতৰি প্ৰকাশ কৰিছিল।

লগতে পঢ়ক : কয়লা ট্ৰাকৰ মালিকৰ পৰা কোটি কোটি টকা লাভ কৰে অসমৰ একাংশ কাকত আৰু টিভি চেনেলে : আৰএছএছৰ স্বীকৃত সাপ্তাহিকৰ চাঞ্চল্যকৰ দাবী

“সামাজিক মাধ্যমত এই তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে অসমৰ একাংশ সংবাদ প্ৰ্ৰতিষ্ঠান আৰু লোকে লাখ লাখ টকা সংগ্ৰহ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।” Organizer.orgৰ প্ৰতিবেদনখনত এইদৰে কোৱা হৈছিল।

উল্লেখ্য যে Organizer.org  হৈছে এখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বীকৃত এখন সাপ্তাহিক কাকত যিখন ১৯৪৭ চনৰ পৰাই অবিৰতভাৱে প্ৰকাশ হৈ আহিছে।

দেশৰ সংবাদ জগতৰ প্ৰসিদ্ধ সাংবাদিক এ কে নায়াৰ, কে আৰ মালকণি, এল কে আদৱানি, ভি পি ভাটিয়া, চেছাদ্ৰী চাৰী আৰু আৰ বালাকৃষ্ণে সম্পাদনা কৰি অহা Organizer.orgত প্ৰকাশিত প্ৰতিবেদনখনত কোৱা হৈছে যে অসমৰ শিলচৰ আৰু গুৱহাটীস্থিত সংবাদ প্ৰতিষ্ঠানে কয়লা কঢ়িওৱা ট্ৰাকৰ মালিকসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে।

ইফালে এই সংক্ৰান্তত জাৰ্নেলিষ্ট ফ’ৰাম আছাম(JFA)এ বিষয়টোক গভীৰভাৱে গ্ৰহণ কৰি এনেদৰে ধন সংগ্ৰহ কৰা ‘মিডিয়া পেমেন্ট তালিকা’ত নাম উল্লেখ থকা সংবাদ প্ৰতিষ্ঠানকেইটাক স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল।

তদুপৰি, এই ‘গোপনীয় পত্ৰ’ ভাইৰেল হোৱাৰ পাছত এক বিবৃতিৰ যোগে মনোজ নাথে এই তালিকা ভিত্তিহীন, অসত্য আৰু অপৰীক্ষিত বুলি দাবী কৰিছিল। তেওঁক বাদ কৰি পত্ৰখনত নাম উল্লেখ থকা কোনো এগৰাকী লোকেও স্পষ্টীকৰণ দিয়া নাছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd