• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ বছৰ ধৰি নিৰুদ্দিষ্ট হৈ আছিল এগৰাকী দক্ষ আৰক্ষী বিষয়া; ভিখাৰীৰ বেশত ঘূৰি ফুৰিছিল পথত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2020 2:17 pm
Missing-MP-cop-found-begging-after-15-yearsMissing-MP-cop-found-begging-after-15-years
73.9k
VIEWS
Share on FacebookShare on Twitter

গাড়ী চলাই বিয়া খাবলৈ গৈছিল মধ্য প্ৰদেশৰ দুগৰাকী আৰক্ষী বিষয়া ডিএছপি ৰতনেশ সিং তোমৰ আৰু বিজয় সিং বাহাদুৰে।

হঠাতে তেওঁলোকে ঝান্সিৰ পথত এগৰাকী ভিখাৰীৰ সৈতে মুখামুখি হয়। দুয়োগৰাকী আৰক্ষী বিষয়াকে আচৰিত কৰি সেই ভিখাৰীগৰাকীয়ে তেওঁলোকক নাম ধৰি মাতিলে। হতভম্ব হৈ পৰি দুয়ো ভিখাৰীগৰাকীৰ ওচৰ পালে।

আৰক্ষী বিষয়া দুগৰাকীয়ে সেই ভিখাৰীগৰাকীক লগে লগে চিনি পালে। সেই ভিখাৰীগৰাকী আন নহয়, ১৫বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা তেওঁলোকৰে এগৰাকী সহকৰ্মী।

এইদৰেই নাটকীয়ভাৱে মধ্য প্ৰদেশৰ আৰক্ষী বিষয়া দুগৰাকীয়ে তেওঁলোকৰ সন্ধানহীন হৈ থকা সহকৰ্মীক বিচাৰি পালে।

সন্ধানহীন হৈ পৰা এই আৰক্ষী বিষয়াগৰাকীৰ নাম মনীশ মিশ্র। ১৫বছৰ পূৰ্বে মানসিক ৰোগত ভূগিবলৈ আৰম্ভ কৰিছিল। হঠাতে এদিন তেওঁ অন্তৰ্ধান হৈ পৰে। বহু বিচাৰিও সন্ধান পোৱা নগ’ল তেওঁৰ।

কিন্তু হঠাতে যোৱা মঙলবাৰে সহকৰ্মী দুগৰাকীৰ মুখামুখি হৈ পৰে মনীশ আৰু তেতিয়া তেওঁ খাবলৈ বিচাৰে।

দুয়োগৰাকী বন্ধুৱে তেওঁক উদ্ধাৰ কৰি এটা ঘৰলৈ লৈ আনে। সম্প্ৰতি আন ব্যৱস্থা নোহোৱালৈ তেওঁ তাতেই থাকিব।

এগৰাকী বন্ধু ডিএছপি তোমৰে কয়, “ইমান দিন তেওঁ ক’ত আছিল আমি জনা নাছিলো। তেওঁ এগৰাকী বৰ ভাল এথলেট আছিল। ১৯৯৯চনত আৰক্ষীত যোগদান কৰিছিল। কেইবছৰমান পাছতে হঠা মানসিক ৰোগৰ সমস্যাই দেখা দিয়ে।পৰিয়ালে তেওঁৰ চিকিৎসা কৰাইছিল যদিও তাৰ মাজতে এদিন তেওঁ নিৰুদ্দেশ হৈ পৰে। বহুত বিচাৰিও তেওঁক পোৱা নগ’ল।”

নিজৰ সহকৰ্মীগৰাকীক সকলোধৰণে সহায় কৰিবলৈ তথা তেওঁক সুস্থ কৰি তুলিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাব বুলিও জানিবলৈ দিয়ে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd