• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাইবাৰ অপৰাধীৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ এইচডিএফচি বেংকে মুকলি কৰিলে ‘মুহবন্ধৰাখোঁ’ সজাগতামূলক অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 3:36 pm
index.jpg
17.6k
VIEWS
Share on FacebookShare on Twitter

ছাইবাৰ অপৰাধ প্ৰতিৰোধ প্ৰতি গ্ৰাহকক বিশেষভাৱে সজাগ কৰি তুলিবলৈ এইচডিএফচি বেংকে এক বিশেষ সজাগতামূলক অভিযান আৰম্ভ কৰিছে।

আজি বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলক সজাগ কৰি তুলিবলৈ “মুহবন্ধৰাখোঁ” (MoohBandRakho) নামৰ এক বিশেষ অভিযান মুকলি কৰিছে।

ভাৰত চৰকাৰৰ ছাইবাৰ ছিকিউৰিটিৰ সমন্বয়ক অৱসৰপ্ৰাপ্ত লেফটেন্ট জেনেৰেল ৰাজেশ পণ্ট, এইচডিএফচি বেংকৰ চীফ ৰিস্ক বিষয়া জিমী টাটাই আজি মুকলি কৰা এই অভিযানৰ যোগেদি প্ৰতিষ্ঠানটোৱে সমগ্ৰ দেশত ১ হাজাৰখন সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰিব বুলি বিত্তীয় প্ৰতিষ্ঠানটোৱে এক বিবৃতিৰ যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে।

এই সজাগতামূলক অভিযানৰ যোগে কাৰ্ডৰ তথ্য গোপনে ৰখা, চিচিভি, ম্যাদ উকলি যোৱা তাৰিখ, অটিপি, নেট বেংকিং/মোবাইল বেংকিং লগইন আইডি আৰু ফোনৰ পাছৱৰ্ড আদি গ্ৰাহকসকলক অন্য ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিবলৈ বিত্তীয় প্ৰতিষ্ঠানটোৱে আহ্বান জনাইছে।

ইমেইল, এছএমএছ, আৰু চ’ছিয়েল মিডিয়া আদিৰে সাধাৰণ গ্ৰাহকে বেংকৰ ধন কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি তাৰ বিষয়েও প্ৰতিষ্ঠানটোৱে এই অভিযানৰ যোগেদি গ্ৰাহকক সজাগ কৰি তুলিব।

আন্তঃৰাষ্ট্ৰীয় জালিয়াতি সজাগতা সপ্তাহৰ ২০২০ৰ (১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ) সমৰ্থনত প্ৰতিষ্ঠানটোৱে বিশ্বব্যাপী সম্প্ৰাসৰণ ঘটা জালিয়াতিৰ বিৰুদ্ধে এই অভিযানক এক আন্দোলনৰ ৰূপ দিয়া হৈছে বুলি প্ৰকাশ কৰিছে বেংকটোৱে|

এইচডিএফচি বেংকে আন্তঃৰাষ্ট্ৰীয় জালিয়াতি সজাগতা সপ্তাহৰ ২০২০ত ক্ৰমাগত বাবে দ্বিতীয়বাৰ অংশগ্ৰহণ কৰি “মুহবন্দৰাথোঁ” অভিযান আৰম্ভ কৰা বুলি জনাইছে।

এই সম্পৰ্কীয় অধিক তথ্য বিত্তীয় প্ৰতিষ্ঠানটোৰ ৱেবচাইটতো উপলব্ধ হ’ব।

এই অভিযান সম্পৰ্কে এইচডিএফচি বেংকৰ চীফ ৰিস্ক অফিচাৰ জিমী টাটাই কয়-“এই অভিযানটো অতি প্ৰাসংগিক, কিয়নো অধিক ব্যক্তিয়ে অনলাইনৰ দ্বাৰাই বেংকিং সেৱাৰ সুবিধা উপভোগ কৰে।”

কোনো বেংকে গ্ৰাহকৰ পৰা অ’টিপি, নেট বেংকিঙ, মোবাইল বেংকিঙৰ পাছ্ৱৰ্ড, কাষ্টমাৰ আইডি, বিভিন্ন ইএমআই পেমেন্ট ইউপিআই পিন আদি ফোন কৰি নিবিচাৰে বুলি কৈ এইবোৰ গ্ৰাহকক কোনো ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিবলৈ আহ্বান জনাইছে বিত্তীয় প্ৰতিষ্ঠানটোৱে।

ফোন, এছএমএছ, ইমেইলৰ দ্বাৰা কোনো গোপনীয় বিৱৰণো শ্বেয়াৰ নকৰাৰ লগতে ৰাজহুৱাভাৱে সংযোজিত হোৱা বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰি মোবাইল, টেবলেট, লেপটপৰ পৰা বেংকিং লেনদেন নকৰিবলৈ গ্ৰাহক সতৰ্ক কৰি দিছে বেংকটোৱে|

গ্ৰাহকে ঠিকনা, যোগাযোগ নম্বৰ বা ইমেইল আইডি সলনি কৰিলে বেংকক অৱগত কৰাতো বাধ্যতামূলক। গ্ৰাহকে যিকোনো সহায়ৰ বাবে ৬১৬০৬১৬১ নম্বৰত বা এইচডিএফচি বেঙ্কৰ ফোন বেংকিঙৰ ট’লফ্রী নম্বৰ ১৮০০২৫৮৬১৬১ত ফোন কৰিব পাৰিব৷

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd