• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপিএফ দল মিউজিয়ামত যাব; ৩০খন আসন লৈ ইউপিপিএলেই গঠন কৰিব বিটিচি চৰকাৰ: প্ৰমোদ বড়ো

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 21, 2020 6:55 am
IMG-20201120-WA0055

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি নির্বাচনক লৈ ইউপিপিএল দলৰ কোনো দলৰ লগতে মিত্ৰতা নাই । ইউপিপিএল দলে আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনত ত্ৰিশখনতকৈ অধিক আসন লাভ কৰি বিটিচি পৰিষদ দখল কৰাটো নিশ্চিত।

এই ভাষ্য ইউপিপিএল দলৰ সভাপতি তথা ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী  প্ৰমোদ বড়োৰ।

Apply Now

শুকুৰবাৰে সন্ধিয়া তামুলপুৰৰ মটঙা চ’কত এখন নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত বড়োয়ে  এই মন্তব্য কৰে।

বাৰ্তালাপৰ সময়ত  বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল আৰু বিজেপিৰ মাজত আসন বুজাবুজি হোৱা বুলি উত্থাপন কৰা অভিযোগক নস্যাৎ কৰি প্ৰমোদ বড়োৱে কয়, ‘’ইউপিপিএল দলে চাৰিখন জিলাৰ  ৪০ টা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে কোনো দলৰ লগত আসন বুজাবুজি কৰাৰ প্ৰশ্নই থাকিব নোৱাৰে। কিন্তু ইয়াৰ বিপৰীতে হাগ্ৰামা মহিলাৰীৰ বিজেপিৰ লগত গোপন বুজাবুজি আছে। হাগ্ৰামা মহিলাৰীয়ে বিশেষ জনগোষ্ঠীৰ ভোট লাভৰ আশাত ষড়যন্ত্ৰত লিপ্ত হৈ এনেদৰে মন্তব্য কৰি আহিছে।‘’

ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনত বৰ্তমানেও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ তিনি গৰাকীয়ে মন্ত্ৰিত্বৰ দায়িত্বত আছে । এই তিনিজনক মন্ত্ৰিত্বৰ পৰা হাগ্ৰামা মহিলাৰীয়ে এতিয়াও কিয় আঁতৰি আহিবলৈ কোৱা নাই বুলিও প্ৰমোদ বড়োৱে প্ৰশ্ন উত্থাপন কৰি কয় যে বিজেপি আৰু বিপিএফৰ মাজতহে গোপন বুজাবুজি থকা বুলি আমি সন্দেহ কৰিছো।

তেওঁ লগতে কয়, ‘’হাগ্ৰামা মহিলাৰীৰ কথাবোৰ তেনেকুৱাই। হাগ্ৰামা মহিলাৰীয়ে কেৱল ১৭ বছৰে মিছাই মাতি থাকিলে। হাগ্ৰামা মহিলাৰীয়ে নাটক কৰি আছে আৰু হাগ্ৰামা মহিলাৰীয়ে সুবিধাবাদী চৰিত্ৰৰে ৰাজনীতি কৰি আছে। হাগ্ৰামাৰ সুবিধাবাদী ৰাজনীতি বহুত হ’ল আৰু এই কথা বৰ্তমান বিটিআৰৰ সকলো শ্ৰেণীৰ ৰাইজে বুজি পাইছে।‘’

সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয়, ‘’বিগত১৭বছৰৰ বিপিএফৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ এতিয়া সাংসদ নৱ কুমাৰ শৰণীয়াই দেখা নাপায়। প্ৰথম অৱস্থাত বিপিএফ দলৰ দুৰ্নীতিৰ কথা ওলালে সাংসদ নৱ কুমাৰ শৰণীয়াই বিপিএফৰ বিৰুদ্ধে মাত মাতিছিল। বৰ্তমান নৱ কুমাৰ শৰণীয়াই বিপিএফৰ বিৰুদ্ধে মাত নমতা কথাটোৰ অন্তৰালত কিবা যে ৰহস্য আছে সেই কথাও ৰাইজে এতিয়া বুজি পাইছে।‘’

শেহতীয়াভাবে বিটিচি দখলৰ বাবে বিজেপি দলে যি তৎপৰতা অব্যাহত ৰাখিছে এই তৎপৰতাৰ বাবে ইউপিপিএল দল প্ৰত্যাহ্বানৰ সন্মুখীন হব নেকি বুলি সাংবাদিকে সোধাত প্ৰমোদ বড়োয়ে কয় যে বিগত সময়চোৱাত অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ সভা-সমিতি, ৰেলীত জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰে যে এইবাৰ ৰাইজে ইউপিপিএল দলৰ পক্ষত ভোটদান কৰিব আৰু ইউপিপিএল দলেই বিটিচি পৰিষদ দখল কৰিব।

হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল এতিয়া মিউজিয়ামত যাব বুলিও প্ৰমোদ বড়োয়ে মন্তব্য কৰে।

ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োয়ে সাংবাদিকৰ আগত কয় যে হাগ্ৰামা মহিলাৰীৰ সোঁতৰ বছৰীয়া অপশাসনৰ বিৰুদ্ধে ইউপিপিএল দলৰ নেতৃত্বই মাত মাতি আহিছে, বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰি আহিছে। ইউপিপিএল দলৰ প্ৰতি এতিয়া ৰাইজৰ পূৰ্ণ  আস্থা আৰু বিশ্বাস আহিছে।  সেয়েহে ৰাইজে ইউপিপিএল দলৰ লগত থাকি চৰকাৰ গঠন কৰি ৰাইজক সেৱা কৰিবলৈ সুবিধা কৰি দিব।

ইউপিপিএল দলে ৰাইজৰ যি সমস্যা সেই সমস্যা সমাধানৰ বাবে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সেয়া দলে আখৰে আখৰে পালন কৰা হব বুলিও মন্তব্য কৰে বড়োয়ে।

শুকুৰবাৰে সন্ধিয়া মটঙা চকত স্থানীয় সমাজকৰ্মী তথা অৱসৰী শিক্ষক প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সভাপতিত্বত আৰু জিতেন মোছাহাৰীয়ে আঁত ধৰা সভাত উপস্থিত থাকি স্থানীয় সাংস্কৃতিক কৰ্মী লেহো বড়োয়ে কয় যে ইউপিপিএল দলে আজি সকলো জাতি জনগোষ্ঠীক সামৰি লৈ উন্নয়নৰ প্ৰচেষ্টা হাতত লৈছে।

সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ উপস্থিতিয়ে তাকেই প্ৰমাণ কৰিছে বুলি উল্লেখ কৰি এই কথা প্ৰমোদ বড়োৰ চিন্তাৰ ফলৰ বাবেই সম্ভৱ হোৱা বুলি মন্তব্য কৰি নিৰ্বাচনক কেন্দ্ৰ কৰি যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে সজাগ হবলৈ দলীয় নেতা-কৰ্মীক আহ্বান জনায়।

সভাত ভাষণ ৰাখি অৱসৰী শিক্ষক মদনমোহন শৰ্মাই কয় যে প্ৰমোদ বড়ো হৈছে ৰাইজৰ নেতা। প্ৰমোদ বড়োয়ে সমগ্ৰ বিটিআৰৰ উন্নয়নৰ লগতে তামুলপুৰৰ উন্নয়নৰ চিন্তা কৰিছে। প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্বত এখন সর্বাংগ সুন্দৰ তামুলপুৰ গঠন হব বুলি মন্তব্য কৰি প্ৰমোদ বড়োক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰি নিবলৈ ৰাইজক আহ্বান জনায়।

এই সভাতেই অৱসৰী শিক্ষক তথা সাংস্কৃতিক কৰ্মী নৰহৰি মহন্ত, যুৱ নেতা প্ৰশান্ত ৰামচিয়াৰীৰ লগতে তামুলপুৰ মহকুমাৰ বহু সংখ্যক লোকে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলত আনুষ্ঠানিক ভাৱে  যোগদান কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd