• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচি নিৰ্বাচন; দুৰ্নীতি আৰু কমিছন ৰাজ বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ ইস্তাহাৰ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 2:11 pm
ফটো উৎস : ফেইচবুক

ফটো উৎস : ফেইচবুক

271
VIEWS
Share on FacebookShare on Twitter

অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে আজি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।

দলৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া আৰু বিশ্বজিৎ দৈমেৰীৰ উপস্থিতিত কোকৰাঝাৰৰ ত্ৰিবেণী ভৱনত নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰা হয়।

ইস্তাহাৰ মুকলি কৰি মন্ত্ৰী হিমন্তই কয় যে দলটোৱে বিটিচি অঞ্চলৰ ৫০ টা বিষয়ৰ ওপৰত জোৰ দিছে।

‘বিটিচিত বিজেপি শাসনলৈ আহিলে দুৰ্নীতি আৰু কমিছন ৰাজ বন্ধ কৰা হ’ব। গেৰুৱা দলটোৱে বিটিচি চুক্তি মানি চলিব। সীমাৰ কোনো গাঁও যদি বিটিচিত সোমাব বিচাৰে তেন্তে আমি সেই সন্দৰ্ভত সিদ্ধান্ত লম’, সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

ইস্তাহাৰত লগতে কোৱা হৈছে যে বডো আৰু অসমীয়া ভাষাক সমান গুৰুত্ব দিয়া হ’ব আৰু দুয়োটা ভাষা একেলগে আগবঢ়াই লৈ যোৱা হ’ব।

মন্ত্ৰীজনে লগতে কয় যে ইস্তাহাৰখনে যুৱসকলক স্থায়ী নিযুক্তি প্ৰদানৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰিছে।

বিজেপিয়ে লগতে নিশ্চিত কৰে যে দলটোৱে প্ৰতিটো মহকুমাতে মহাবিদ্যালয় স্থাপন কৰিব।

ইস্তাহাৰত লগতে কোৱা হয় যে যদি বিজেপি শাসনত আহে তেন্তে বিটিচিত শীঘ্ৰে ভিচিডিচি ভংগ কৰি দিয়া হ’ব। বিটিচিৰ লোকসকল অৰুণোদয়, স্বয়ম, অৰুন্ধতি আঁচনি আদিৰ পৰাও উপকৃত হ’ব বুলি উল্লেখ আছে।

আত্মসহায়ক গোট সকলোক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে বিটিচিৰ বিকাশমূলক কামৰ বাবে কেন্দ্ৰৰ পৰা অতিৰিক্ত পুঁজি মুকলি কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ কৰে।

বিজেপি শাসনত অহাৰ পিছতে ওদালগুৰিত বড়ো বিশ্ববিদ্যালয়, তামুলপুৰত চিকিৎসা মহাবিদ্যালয়ৰ লগতে বিটিচি অঞ্চলত ৪০ খনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বিটিচি অঞ্চলৰ চাহ বাগিচা সমূহত হাইস্কুল স্থাপন কৰিব বুলিও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd