আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি শাসক বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে।
উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ,৩৬টা সংসদীয় সমষ্টিৰ ভিতৰত আজি ১০নং তেতেলীয়া সমষ্টিৰ জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰীয়ে সহশ্ৰাধিক দলীয় নেতা-কৰ্মীক লগত লৈ নিজৰ মনোনয়ণ পত্ৰ দাখিল কৰাৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থীসকলেও অন্তিম দিনৰ মনোনয়ণ পত্ৰ দাখিল কৰে ।
মন কৰিবলগীয়া যে,সমষ্টিটোৰ পৰা এইবাৰ বিৰোধী দলৰ মতিৰাম দেউৰী, শাসকীয় দলৰ পৰা খগেন চন্দ্ৰ বৰদলৈ,তিৱা জাতীয় ঐক্য মঞ্চৰ পৰা ধৰ্ম সিং বৰদলৈয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে।
এই ক্ষেত্ৰত পৰিষদখনৰ পূৰ্বৰ সদস্যগৰাকীৰ সীমাহীন দুৰ্নীতি আৰু কেলেংকাৰীয়ে সামগ্ৰীকভাৱে পৰিষদখনকে অচল কৰি তুলাত অৰিহনা যোগোৱা দুৰ্নীতিগ্ৰষ্ট লোকজনকে পুনৰ শাসকীয় গেৰুৱা বাহিনীয়ে পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী হিছাপে প্ৰক্ষেপ কৰাত খোদ নিজ দলৰে নিষ্ঠাৱান নেতা-কৰ্মীসকলৰ মাজতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।
আনহাতে,সমষ্টিৰ সাধাৰণ শ্ৰেণীৰ ভোটাৰ ৰাইজেও এইবাৰ এগৰাকী দুৰ্নীতিমুক্ত নিকা ভাৱমূৰ্তি,নতুন মুখৰ প্ৰাৰ্থীক মনে প্ৰাণে বিছাৰিছে।
তেনে ক্ষেত্ৰত গেৰুৱা বাহিনীৰ প্ৰক্ষেপিত প্ৰাৰ্থী খগেন চন্দ্ৰ বৰদলৈয়ে যে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী লগতে সমষ্টিৰ গৰিষ্ঠসংখ্যক ৰাইজৰ সমৰ্থিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰীৰ হাতত তীব্ৰ প্ৰত্যব্বানৰ যে সন্মুখীন হ’ব সেয়া নিশ্চিত বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা লাভ কৰিছে।
ইপিনে,১০নং তেতেলীয়া সমষ্টিটোত গেৰুৱা দলৰ সদস্য খগেন চন্দ্ৰ বৰদলৈক হৰুৱাবলৈ কুট-কৌশল ৰচনা কৰি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য পৱন মান্তাই তিৱা জাতীয় ঐক্য মঞ্চৰ পৰা ধৰ্ম সিং বৰদলৈক প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
একে দলৰে সদস্য হোৱাৰ স্বত্তেও তেতেলীয়া সমষ্টিৰ ভোটাৰ ৰাইজে খগেন চন্দ্ৰ বৰদলৈৰ পক্ষত থাকিব নে দমাল সমষ্টি বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ পক্ষত থাকিব ।
দেখ দেখ কৈ বিজেপি দলৰ মাজত ঢিপৰাং মৰা ৰণ কৌশল প্ৰয়োগ কৰা বুলিও এতিয়া ১০ নং তেতেলীয়া সমষ্টিৰ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।
৭৭৩৯ জন ভোটাৰ থকা সমষ্টিটোত এই ৰাজনৈতিক অভিসন্ধিত কোনগৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত উজ্বল হয় সেয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব।