১৭ ডিচেম্বৰত হবলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে ৯ নং দমাল সমষ্টিটো আঁজুৰি আনিবৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে বিজেপি প্ৰাৰ্থী তথা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই।
আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ৯ নং দমাল সমষ্টিটোত এইবাৰ কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতেই মূল যুঁজ হ’ব বুলি মত প্ৰকাশ কৰে ৯ নং দমাল সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পৱন মান্তাই।
ইপিনে, ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷
আনহাতে, সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে ১১ নং সমষ্টিৰ তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে অনা কেতবোৰ অভিযোগ পোনচাতে নাকচ কৰাৰ লগতে অনাগত সময়ত তেনে বিৰূপ মন্তব্যৰ পৰা সদস্যগৰাকীক বিৰত থাকিবৰ বাবে আহ্বান জনায় গেৰুৱা দলটোৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে।
গেৰুৱা দলটোৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ নেতৃত্বতে বিগত সময়বোৰত পৰিষদ খনত সংঘটিত সীমাহীন দুৰ্নীতি, কেলেংকাৰীৰ সন্দৰ্ভত সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্যগৰাকীয়ে কয় যে পৰিষদৰে এছাম স্বাৰ্থন্বেষী সদস্যই পৰিষদখনক অস্থিৰ কৰি তোলাৰ বাবে হকে, বিহকে বদনাম জাপি দি নিজৰ অভিষ্ট সিদ্ধি কৰিছিল।
যাৰ বাবে সমষ্টি উন্নয়ণৰ প্ৰাচীৰ হৈছিল। যদি তেওঁৰ কাৰ্যকালতে পৰিষদখনত তেনে দুৰ্নীতি অনিয়ম বা কেলেংকাৰী হৈছিল, তেতিয়াহলে তেওঁক দোষী সাৱ্যস্ত কৰিবলৈ কিয় তেঁওলোকৰ প্ৰমানৰ অভাৱ ঘটিল বুলিও প্ৰাক্তন কাৰ্যৱাহী সদস্য জনে তাৎপৰ্যপূৰ্ণ মন্তৱ্য আগবঢ়ায়।
আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰিছে আৰু সমষ্টিসমূহৰ ৰাইজেও গেৰুৱা দলটোৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিব বুলিও আশাবাদী প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্যগৰাকী।
সেয়া যিয়েই নহওক কিয় পৰিষদৰ আভ্যন্তৰীণ দুৰ্নীতি অনিয়মৰ খবৰে বিগত সময়ত প্ৰচাৰ মাধ্যমত সবিস্তাৰে ওলোৱা বাতৰিয়ে বৰ্তমান সময়ত ভোটাৰসকলৰ মাজত গেৰুৱা বাহিনীৰ প্ৰতি কেনে সদ্দিচ্ছা প্ৰকাশ কৰে সেয়া ১৯ ডিচেম্বৰত প্ৰকাশিত নিৰ্বাচনী ফলাফলেহে দলটোৰ ভৱিষ্যত নিৰূপন কৰিব।