দুগৰাকী প্ৰাপ্ত বয়স্ক পুৰষ মহিলাই একেলগে শান্তিপূৰ্ণভাৱে সহবাস কৰাৰ অধিকাৰ আছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে কৰিছে।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত বিবাহ বহিভূতভাৱে সহবাস কৰা এহাল দম্পত্তিক তেওঁলোকৰ পিতৃ-মাতৃয়ে নিৰ্যাতন কৰি অহাৰ এক অভিযোগৰ শুনানি গ্ৰহণ কৰি এলাহাবদ উচ্চ ন্যায়ালায়ে এই ৰায় প্ৰদান কৰিছে।
এই ৰায় প্ৰদান কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লিভ-ইন ৰিলেশ্যনশ্বীপত থকা দম্পত্তিক নিৰাপত্তা প্ৰদান কৰাৰো নিৰ্দেশ দিছে।
জানিব পৰা মতে উক্ত দম্পত্তিহাল পৰিয়ালৰ লোকৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হৈ আছিল।
“উচ্চ ন্যায়ালয়ে এক দীঘলীয়া বিচাৰৰ পিছত সিদ্ধান্ত কৰি কৈছে যে, যুৱক আৰু যুৱতীয়ে দুয়োৰে সন্মতিত একেলগে বাস কৰি আহিছে, পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱনত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ তথা কৰ্তৃত্ব নাই।” ন্যায়াধীশ অঞ্জনী কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ প্ৰকাশ পাডিয়াৰ খণ্ড বিচাৰপীঠৰ এক ৰায়ত এইদৰে নিৰ্দেশ দিয়া হৈছে।
ফাৰুখাবাদৰ এহাল বয়স্ক যুৱক-যুৱতীয়ে একেলগে সহবাস কৰি পৰিয়ালৰ লোকৰ দ্বাৰা অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল।
ইয়াৰ পিছতে ছমাহৰ পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ ১৭ মাৰ্চত ফাৰুখাবাদতৰ জ্যেষ্ঠ আৰক্ষী আধীক্ষক ওচৰত তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকক অত্যাচাৰ কি অহা বুলি গোচৰ ৰুজু কৰে।
এই বিষয়টো এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মজিয়াত পায়গৈ।
“আমি এই বিষয়টো সন্দৰ্ভত স্পষ্টভাৱে কওঁ যে কোনো ব্যক্তিক তেওঁলোকৰ শান্তিপূৰ্ণ জীৱনত হস্তক্ষেপ কৰাৰ অধিকাৰ বা অনুমতি দিয়া নহ’ব। কাৰণ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১এ জীয়াই থকা অধিকাৰক মৌলিক অধিকাৰ হিচাপে মান্যতা প্ৰদান কৰিছে। সেয়ে তেওঁলোকক নিজৰ অধিকাৰৰ পৰা কোনে বঞ্চিত কৰিব নোৱাৰিব।” খণ্ড বিচাৰপীঠে ৰায়টোত কয়।