• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ উন্নয়নমূলক কাম-কাজ তথা আইন-শৃংখলাৰ বুজ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 12:11 pm
Photo-1-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী মঙলবাৰে বাক্সা জিলাত উপস্থিত হৈ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে জিলাখনৰ আইন-শৃংখলা দিশটোৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম-কাজ সম্পৰ্কে খতিয়ান লয়।

জিলা উপায়ুক্তৰ সভাগৃহত আয়োজিত পৰ্যালোচনামূলক সভাত ৰাজ্যপালগৰাকীয়ে অংশ লৈ জিলাখনৰ সকলো উচ্চ পদস্থৰ চৰকাৰী বিষয়াসকলক স্বাস্থ্য, খোৱা পানী, স্বচ্ছতা, শিক্ষা, যাতায়ত ব্যৱস্থা আৰু কৃষিক্ষেত্ৰ উন্নয়নৰ সম্পৰ্কত বিশেষভাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

Apply Now

ইয়াৰ উপৰি জিলাখনৰ সকলো শ্ৰেণীৰ লোকে যাতে চৰকাৰী আঁচনি সমূহৰ সঠিক লাভা লাভ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ৰাজ্যপাল মুখীয়ে প্ৰশাসনক চোকা দৃষ্টি নিবদ্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

আঁচনি সমূহৰ সঠিক ৰূপায়ন সম্পৰ্কে বাক্সা জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈয়ে ৰাজ্যপালগৰাকীক অৱগত কৰি কয় যে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে এই আলোচনা কালত ৰাজ্যপাল মুখীয়ে স্বচ্ছতাৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়। আৰু সকলো চৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয়ৰ লগতে চিকিৎসালয় সমূহত স্বচ্ছতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে মাজে মাজে উপায়ুক্তগৰাকীক পৰিদৰ্শন কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

পৰ্যালোচনা সভাৰ অন্তত প্ৰফেছৰ মুখী ২০০ বিচনাযুক্ত মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ লগত মত-বিনিময় কৰা দেখা যায়।

 

Photo-3-1-300x200

ইয়াৰ উপৰি তেওঁ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতো আলোচনাত মিলিত হয়।

এদিনীয়া বাক্সা জিলা ভ্ৰমণৰ সময়ত ৰাজ্যপাল মুখীয়ে জিলাখনৰ সকলো স্তৰৰে লোকৰ মাজলৈ কেনেদৰে কল্যাণকামী আঁচনি সমূহ লৈ যাব পাৰি সেই সম্পৰ্কত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু সংবাদকৰ্মীসকলৰ লগত এক মত বিনিময় অনুষ্ঠান সম্বোধন কৰে।

ইফালে জিলা আৱৰ্ত ভৱনৰ সভা গৃহত জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আইন-শৃংখলা সম্পৰ্কতো আলোচনাত অংশ লয় ৰাজ্যপাল জগদীশ মুখী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd