• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হায় মানৱতা! গণ ধৰ্ষিতাক গাওঁ এৰাৰ নিৰ্দেশ পঞ্চায়তৰ; আৰক্ষীৰ দ্বাৰস্থ হ’ল যুৱতী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 4:36 pm
representative-image-750x375

প্ৰতিনিধিত্বমূলক ফটো।

261
VIEWS
Share on FacebookShare on Twitter

মানৱতাক ভুলণ্ঠিত কৰা এক ঘটনা। এগৰাকী গণ ধৰ্ষিতা যুৱতীক গাওঁ এৰি যোৱাৰ দৰে নিৰ্মম নিৰ্দেশ দিছে এখন পঞ্চায়তে।

মহাৰাষ্ট্ৰত সংঘটিত হোৱা এই ঘটনাত উপায়হীন যুৱতীগৰাকীয়ে অৱশেষত আৰক্ষীৰ দ্বাৰস্থ হয়।

পাঁচ বছৰ পূৰ্বে গাওঁখনৰ খেতিপথাৰত তুলা বুটলিবলৈ গৈ গণ ধৰ্ষণৰ বলি হৈছিল বীৰ জিলাৰ এখন গাওঁৰ পঁচিশ বছৰীয়া যুৱতীগৰাকী।

প্ৰায় এবছৰৰ মূৰত অপৰাধীকেইজনক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। কিন্তু পঞ্চায়তে যুৱতীগৰাকীকহে শাস্তিৰ ৰায় দিলে।

কেবল সেই গাওঁখনেই নহয়, কাষৰ আৰু দুখন গাওঁৰ পঞ্চায়তেও জনাই দিছে যে সেই যুৱতীগৰাকীৰ তেওঁলোকৰ গাওঁৱত কোনো স্থান নহ’ব।

যোৱা আগষ্টতে ঘৰৰ দুৱাৰত আঁৰি দিয়া হৈছে গাওঁ এৰাৰ নিৰ্দেশনাৰ জাননী। গাওঁ এৰি যোৱাৰ বাবে নিৰন্তৰ চাপ দিয়া হৈছে।

নিৰ্যাতিতা যুৱতীগৰাকীয়ে অৱশেষত উপায়হীন হৈ এইবাৰ আৰক্ষীৰ কাষ চাপিছে।

গাওঁখন এৰি যোৱাৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ যুৱতীগৰাকীক অশ্লীল মাতকথাৰে অপমানিতও কৰি আহিছে গাওঁখনৰ মুৰব্বীসকলে।

যুৱতীগৰাকীৰ প্ৰশ্ন, ‘চৰকাৰৰ পৰা মই ন্যায় বিচাৰিছো। চৰকাৰেই কওক এইবাৰ মই ক’লৈ যাম।‘

ইপিনে, এই প্ৰসংগত গাওঁৰ প্ৰধান গৰাকীৰ মন্তব্য হৈছে যে এয়া সকলো গাওঁবাসীৰে দাবী। যোৱা আগষ্টতে তেওঁলোকে এই নিৰ্দেশনা দিছিল।

জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে গাওঁখনৰ বহুকেইজনৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে অশ্লীল ব্যৱহাৰৰ অভিযোগ আনিছে।

আৰক্ষীয়ে গোটেই বিষয়টো পৰীক্ষা কৰি চাব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd